NORTHEAST NOW (Assamese)
অসম

বগা কাপোৰেৰে ঢকা আছে এটি মৃতদেহ, কাপোৰ গুচাই দিওঁতেই ওলাল এডাল প্ৰকাণ্ড সাপ, কাৰণ কি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 8:46 am
a sapppp

এটা মৃতদেহ।

বগা কাপোৰেৰে ঢাকি ৰখা মৃতদেহটোৰ ওপৰত চটিয়াই দিয়া হৈছে ফুল।মৃতদেহটো লৈ শ্মশান অভিমুখে যাত্ৰা কৰিছে কেইজন মান যুৱকে।

সৰু অঞ্চলটোত কোন ঢুকাল বুলি বহতৰে মনত প্ৰশ্ন জাগি উঠাৰ সময়তে যুৱক কেইজনে মৃতদেহটো লৈ শ্মশানত উপস্থিত হ’ল।

কিন্তু এয়া কি মৃতদেহৰ ওপৰৰ বগা কাপোৰ খন গুচাই দিয়াৰ পিছতে তাত ওলাল মানুহৰ মৃতদেহৰ সলনি এডাল প্ৰকাণ্ড সাপৰহে মৃতদেহ।

পূৰ্বে ঘটনাটোৰ একো উমঘাম নোপোৱাসকলে  এই দৃশ্য দেখি আচৰিত হৈ পৰিল।

কাৰণ কোনো দিনে তেওঁলোকে শ্মশানলৈ বগা কাপোৰেৰে ঢাকি সাপৰ মৃতদেহ অনা  দেখা নাছিল।ওৰহী গছৰ ওৰ ওলাবলৈ বেছি পৰ নালাগিল।

দৰাচলতে  তামিলনাডুৰ এখন গাওঁৰ মাজেৰে যোৱা ৰাজপথত এখন দ্ৰুতবেগী ট্ৰাকে ৰাস্তা পাৰ হ’বলৈ ধৰা অজগৰ সাপএডালক চেপি থৈ গৈছিল।

ফলত সাপডালৰ মৃত্যু ঘটিছিল।

এই কৰুণ ঘটনা প্ৰত্যক্ষ কৰি গাওঁ খনৰ কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকৰ হৃদয় কান্দি উঠিছিল। তেওঁলোকে মৃত্যু ঘটা সাপডাল সসন্মানে শ্মশানলৈ নি শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছিল।

সেইমৰ্মে সাপডালক বগা কাপোৰেৰে ঢাকি ফুল চটিয়াই দিয়া হৈছিল। শ্মশানত এটা গাঁত খান্দি যুৱক কেইজনে সাপডাল পুতি থৈছিল।

প্ৰকৃতিপ্ৰেমী যুৱক কেইজনৰ এনে কাৰ্যক বহুতে প্ৰশংসা কৰা দেখা গৈছে।এনে কাৰ্যই প্ৰকৃতিৰ প্ৰতি মানুহৰ স্নেহ বৃদ্ধি কৰিব বুলি বহুতে মন্তব্য কৰিছে।