NORTHEAST NOW (Assamese)
উত্তৰ-পূব

দুঃসাহসী অভিযাত্ৰী ৰোডি’জ এক্সট্ৰিমে গ্ৰহণ কৰিবলৈ সাজু উত্তৰ-পূবৰ চৰম ভৌগোলিক প্ৰত্যাহ্বান

Posted by: এন ই নাও নিউজ March 15, 2018 4:30 pm
rodies gang leader

ৰোডি’জ এক্সট্ৰিমৰ দলটোৱে অত্যন্ত চৰম ভৌগোলিক পৰিৱেশৰ উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ প্ৰতিযোগীসকলৰ দৈহিক-মানসিক সহনশীলতাৰ পৰীক্ষা লোৱাৰ প্ৰস্তুতি চলাইছে।  এমটিভিৰ ৰিয়েলিটি শ্ব ৰোডি’জ এক্সট্ৰিমে প্ৰাৰ্থী বাচনি কৰিবৰ বাবে সদলবলে শ্বিলঙত আহি উপস্থিত হৈছেহি । প্ৰাৰ্থী বাচনি কৰিবলৈ অহা এই দলটোত আছে ৰিং মাষ্টাৰ ৰণবিজয় সিনহা আৰু  গেং লীডাৰ অভিনেত্ৰী নেহা ধুপীয়া।

নেহা ধুপীয়াৰ সৈতে আছে নিখিল চিনাপ্পা আৰু প্ৰিন্স নাৰুলা।

অভিনেত্ৰী নেহা ধুপীয়াই কয় যে তেওঁ এই দুঃসাহসী অনুষ্ঠানটো যথেষ্ট উপভোগ কৰে। বিগত তিনি বছ ধৰি তেওঁ এই শ্ব’টোৰ অংশ হিচাপে থাকি লাভ কৰা অভিজ্ঞতা সন্দৰ্ভত কয় যে যদিওবা ৰোডি’জ এক্সট্ৰিম অত্যন্ত প্ৰত্যাহ্বানমূলক তথাপিও ইয়াত থাকি তেওঁ যথেষ্ট আনন্দিত। শিবিৰত থাকি কেতিয়াও নকৰা কাম কিছুমান কৰি ধনৰ বিনিময়ত লাভ কৰিব নোৱাৰা এক অপুৰ্ব অভিজ্ঞতাৰ স্বাদ পাইছে বুলি তেওঁ প্ৰকাশ কৰিছে।

নিজৰ আৰামদায়ক ক্ষেত্ৰখনৰ পৰা বাহিৰলৈ আহি অতিশয় বিপৰীত পৰিস্থিতিত থাকিবলগীয়া হোৱাটো অত্যন্ত কষ্টসাধ্য যদিও তাৰ পৰা একোৱেই আঁতৰাই আনিব নোৱাৰে বুলি মন্তব্য কৰিছে নেহা ধুপীয়াই।

যুৱক –যুৱতীৰ ওপৰত আধাৰিত  অত্যন্ত জনপ্ৰিয় এই ৰিয়েলিটী শ্ব’টোৰ ১৫ সংখ্যক মাইলষ্টন বৰ্ষত প্ৰতিযোগী হিচাপে প্ৰৱেশ কৰা ৰণবিজয়ক দেখা যাব ৰিং মাষ্টাৰৰ ভূমিকাত।

ভৌগোলিক ভাৱে উত্তৰ পূৰ্বাঞ্চল অতিশয় চৰম পৰিৱেশৰ হোৱা বাবে এই বৰ্ষৰ ‘ৰোডি’জ এক্সট্ৰিম’ ইয়াতে শ্বুটিং কৰিব বুলি ৰণবিজয়ে জানিবলৈ দিছে।

এই শ্ব’ৰ প্ৰথম বৰ্ষত বিজয়ী হোৱা ৰণজয়ে কৈছে যে এই অঞ্চলোটৰ তাপমান অত্যন্ত চৰম। ইয়াক প্ৰাকৃতিকভাৱে আৰু চৰম পৰ্যায়লৈ লৈ যোৱাৰ বাবে এটুকুৰা স্থান নিৰ্বাচন কৰিব বুলি তেওঁ জানিবলৈ দিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান খাদ্য অত্যন্ত চৰম পৰ্যায়ৰ বুলি মন্তব্য কৰিছে কৰিছে ৰণবিজয়ে।

উল্লেখ্য যে যুৱ সমাজৰ ওপৰত আধাৰিত জনপ্ৰিয় শ্ব’  এমটিভি ৰোডি’জৰ অংশগ্ৰহণকাৰীসকলক ভিন্ন ভিন্ন পৰিৱেশত মানসিক আৰু শাৰীৰিকভাৱে প্ৰত্যাহ্বানমূলক কেতবোৰ কাৰ্য সম্পাদন কৰিবলৈ দিয়া হয়।