NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যাহাৰ কৰিলে চৰকাৰী নিৰাপত্তাৰক্ষী

Posted by: চাজিদ খান Updated by: চাজিদ খান December 21, 2020 9:06 pm
FB_IMG_1608314511360

এতিয়াও বিটিচিত পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে দাবী কৰি থকা বিপিএফৰ প্ৰধান তথা প্ৰাক্তন বিচিটি চীফ হাগ্ৰামা মহিলাৰীয়ে অৱশেষত অসম চৰকাৰে প্ৰদান কৰা সকলো ধৰণৰ চৰকাৰী নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিছে।

সোমবাৰে প্ৰাক্তন বিটিচি প্ৰধানগৰাকীয়ে অসম আৰক্ষী মহাপৰদিৰ্শক (বিটিআৰ) অনুৰাগ আগৰৱালালৈ প্ৰেৰণ কৰা এক পত্ৰত চৰকাৰী নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ কথা উল্লেখ কৰিছে।

“মই আপোনাক জনাও যে, অসম চৰকাৰে মোক আৰু মোৰ বাসগৃহৰ বাবে প্ৰদান কৰা নিৰাপত্তাৰক্ষীক ২১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা হৈছে।”

উল্লেখ্য যে বিটিচিৰ মুখ্য কাৰ্যবাহীগৰাকীক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ সমপৰ্যায়ৰ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা হয়।

বিগত ১৭ বছৰ ধৰি বিটিচিৰ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰা হাগ্ৰামা মহিলাৰীয়ে অসম চৰকাৰে প্ৰদান কৰা কেবিনেট সমপৰ্যায়ৰ নিৰাপত্তা লাভ কৰি আহিছিল।

ইফালে হাগ্ৰামা মহিলাৰীৰ দল বড়োলেণ্ড পিপলছ ফ্ৰণ্ট(BPF)এ অফিচিয়েল ফেইচবুক পেজত এতিয়াৰে পৰা হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তাৰ দিশটো চিন্তাজনক হৈ থাকিব প্ৰকাশ কৰিছে।

“বিটিচিৰ প্ৰধানৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা হাগ্ৰামা মহিলাৰীয়ে কেবিনেট মন্ত্ৰীৰ সমমৰ্যাদাৰ পদত ১৭ বছৰ ধৰি অধিস্থিত আছিল। প্ৰাক্তন বিচিটি প্ৰধান হিচাপেই নহয়, ৰাজ্যৰ বৃহত্তম আঞ্চলিক দলটোৰ সভাপতি হিচাপেও হাগ্ৰমা মহিলাৰীৰ নিৰাপত্তাৰ দিশটো এতিয়াৰ পৰা উদ্বেগৰ বিষয় হৈ থাকিব।” বিপিএফৰ ফেইচবুক পেজত এইদৰে কোৱা হৈছে।

উল্লেখ্য যে ২০০৩ চনৰ পৰা বিটিচি প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা হাগ্ৰামাই বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত নিজ দল বিবিএফে বৃহত্তম দলৰূপে পৰগণিত হ’লেও বিজেপিয়ে বিটিচিত মিত্ৰতা ভংগ কৰাত ক্ষমতাচ্যুৎ হয়।