NORTHEAST NOW (Assamese)
Popular Stories

গাৰ নোম শিয়ৰি উঠা দৃশ্য; কণ্টেনাৰৰ খুন্দাত জ্বলি ছাই হ’ল কাৰৰ ভিতৰত থকা ৫জন লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 10:18 am

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ যমুনা এক্সপ্ৰেছ ৱেৰ পৰা এটা ডাঙৰ আৰু অত্যন্ত বেদনায়ক খবৰ আহিছে।

আজি পুৱতি নিশা আগ্ৰাৰ খন্দোলী অঞ্চলৰ এক্সপ্ৰেছ ৱেত এখন কণ্টেনাৰৰ লগত হোৱা মুখামুখি সংঘৰ্ষত কাৰত থকা ৫ গৰাকীকৈ লোক জ্বলি ছাই হোৱা বুলি জানিব পৰা গৈছে।

কাৰখন জ্বলি যোৱাৰ লগে লগে যাত্ৰী পাঁচগৰাকীয়ে সহায়ৰ বাবে চিঞঁৰিছিল যদিও স্থানীয় লোক তথা প্ৰত্যক্ষদৰ্শীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে।

ইফালে এই ঘটনাৰ এঘণ্টা দেৰিকৈ ঘটনাস্থলত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়।

জানিব পৰা মতে, ভুল দিশৰ পৰা আহি থকা নাগালেণ্ড নম্বৰৰ কণ্টেনাৰখনে খুন্দিওৱাৰ ফলতেই এই ভয়ংকৰ তথা গাৰ নোম শিয়ৰি উঠা ঘটনাটো সংঘটিত হয়।

এই ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা লোক কেইজন লক্ষ্ণৌৰ বুলি কোৱা হৈছে।

য়ু পি ৩২ কে ডব্লিউ ৬৭৮৮ নম্বৰৰ গাড়ীখনত লক্ষ্ণৌৰ পৰা পাঁচজন লোকে দিল্লীলৈ যাত্ৰা কৰি থকা বুলি প্ৰাথমিক পৰ্যায়ৰ তদন্তত জানিব পৰা গৈছে। অৱশ্যে সঠিক তথ্য পৰৱৰ্তী সময়হে পোহৰলৈ আহিব।

এই দুৰ্ঘটনাটো দেখা লোকৰ মতে, কণ্টেনাৰখনে কাৰখনক ইমানেই তীব্ৰ গতিত খুন্দিয়াইছিল যে লগে লগে কাৰখন দপদপকৈ জ্বলি উঠে।

গাড়ীখনৰ ভিতৰত থকা লোকসকলে সহায়ৰ বাবে চিঞৰিছিল কিন্তু মাত্ৰ কেই ছেকেণ্ড মানৰ ভিতৰতেই গাড়ীখন দাউ দাউকৈ জ্বলি উঠাৰ বাবেই কোনো লোকে সহায় আগবঢ়াব নোৱাৰিলে।