NORTHEAST NOW (Assamese)
অসম

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 10:38 am

অসম ৰাইফলছ আৰু শুক্ল বিভাগৰ যুটীয়া অভিযান চলাই সোমবাৰে মিজোৰাম চাম্ফাই জিলাৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ চিগাৰেট উদ্ধাৰ কৰে।

অসম ৰাইফলছৰ ২৩ চেক্টৰ অসম বেটেলিয়নে শুক্ল বিভাগৰ সৈতে অভিযান চলাই মিজোৰামৰ চাম্ফাই জিলাখনৰ পৰা ১৭ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়।

অসম ৰাইফলছে জব্দ হোৱা বিদেশী চিগাৰেটৰ সৈতে এগৰাকী ব্যক্তিকো আটক কৰে বুলি জানিবলৈ দিয়ে।

জব্দ হোৱা বিদেশী চিগাৰেটখিনিৰ ভাৰতীয় বজাৰত মূল্য প্ৰায় ২২.১০ লাখ টকাৰ ওচৰা-উচৰি হ’ব বুলি সূত্ৰত প্ৰকাশ পাইছে।

তদন্তত বিদেশী চিগাৰেটখিনি ম্যানমাৰৰ পৰা ভাৰতলৈ অনা হৈছিল বুলি জানিব পৰা গৈছে।

ইপিনে, মিজোৰামত অসম ৰাইফলছে বৰদিন উপলক্ষে মঙলবাৰে দুখনকৈ অনাথ আশ্ৰমত প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায়।

চাৰ্চিপত থকা য়ুটিলিটি অনাথ আশ্ৰম আৰু জোৱাৰ আৰবান ডিপৰাইভত অসম ৰাইফলছৰ জোৱান সকলে খাদ্য, কাপোৰকে ধৰি অন্যান্য উপহাৰৰ টোপোলা আগবঢ়ায়