NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় পতাকা আৰু গণৰাজ্য দিৱসক অপমান; সংসদৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 1:05 pm
ৰাষ্ট্ৰীয় পতাকা আৰু গণৰাজ্য দিৱসক অপমান; সংসদৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

ৰাষ্ট্ৰপতি ৰামানাথ কোবিন্দে আজি সংসদৰ যৌথ অধিৱেশনত ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি কোবিন্দে দিল্লীৰ গণৰাজ্য দিৱসৰ দিনাখন ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাক সমালোচনা কৰে।

‘‘ৰাষ্ট্ৰীয় পতাকা আৰু গণৰাজ্য দিৱসক অপমান কৰা হ’ল….সংবিধানে আমাক মত প্ৰকাশৰ স্বাধীনতা অৰ্পন কৰিছে, একে সংবিধানে আমাক দেশৰ আইন আৰু নিয়ম সমূহ কঠোৰভাৱে অনুসৰণ কৰাৰ বাবেও কৈছে,’’ গণৰাজ্য দিৱসৰ ঘটনাক গৰিহণা দি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এইদৰে কয়।

আনহাতে, আজি সংসদৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত কংগ্ৰেছকে ধৰি ১৬ টা বিৰোধী দলে ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰে।

কৃষি আইন বাতিলৰ বাবে চৰকাৰৰ ওপৰত চাপ সৃষ্টিৰ লক্ষ্যৰে বিৰোধী সকলে এই উপায় অৱলম্বন কৰিছে।

উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ দিনটোত প্ৰতিবাদী কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰে দিল্লীৰ লালকিল্লাত প্ৰৱেশ কৰি তেওঁলোকৰ পতাকা উৰুৱাই চৰম অনুশাসনহীনতাৰ পৰিচয় দিছিল।

হিংসাত্মক কৃষকৰ আক্ৰমণত দুশৰো অধিক আৰক্ষী দিল্লীত আঘাতপ্ৰাপ্ত হৈছিল।