NORTHEAST NOW (Assamese)
অসম

অপেক্ষাৰ অন্ত! নৱবৰ্ষৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে পাব ক’ৰ’ণাৰ ভেকচিন: স্বাস্থ্য দপ্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 3:52 pm
a vac

ক’ৰ’ণা ভাইৰাছে পুনৰ নতুন ৰূপত মূৰ দাঙি উঠাৰ সময়তে ভাৰতবাসীৰ বাবে এটা আশাৰ বতৰা আহিছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে ঘোষণা কৰা অনুসৰি অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে লাভ কৰিব এষ্ট্ৰাজেনেকা- অক্সফোৰ্ডৰ ভেকচিন।

ইতিমধ্যে স্বাস্থ্য দপ্তৰে বিচৰা সকলো তথ্য এই ভেকচিন প্ৰস্তুতৰ সৈতে জৰিত ছেৰাম ইনষ্টিটিউটে দাখিল কৰিছে।

ইয়াৰ পিছতেই কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে এই ভেকচিন অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীৰ বাবে মুকলি কৰি দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে বুলি স্বাস্থ্য দপ্তৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ কৰ্ম আঁচনি যুগুতাই উলিয়াইছে।

এদিনত কিমান জন লোকে একোটা ভেকচিন প্ৰদান কৰা কেন্দ্ৰত এই ভেকচিন গ্ৰহণ কৰিব পাৰিব তাৰো হিচাপ ধৰি দিছে চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাত এই বুলি কৈছে যে এদিনত একোটা কোভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰত সৰ্বাধিক ১০০ গৰাকী লোকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব পাৰিব।

অৱশ্যে যদি কোনো কেন্দ্ৰ পৰ্যাপ্ত সা-সুবিধা থাকে তেন্তে তেনে কেন্দ্ৰত ২০০ গৰাকী পৰ্যন্ত লোকে ভেকচিন ল’ব পাৰিব।

ভেকচিন প্ৰদানৰ বাবে বিভিন্ন অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হ’ব।

সেই কেন্দ্ৰত কমেও তিনিটা কোঠা থাকিব লাগিব ।

সেই কোঠা বোৰ অপেক্ষাগৃহ,ভেকচিন প্ৰদান কৰা কক্ষ আৰু নিৰীক্ষণ কক্ষ হিচাবে ব্যৱহাৰ কৰা হ’ব।

কেন্দ্ৰই জাৰি কৰা ১১২ পৃষ্ঠাৰ নিৰ্দেশনাত কোৱা হৈছে যে ভেকচিন প্ৰদানকাৰী দলত ৫ গৰাকী লোক থাকিব।

খবৰ অনুসৰি ২৪ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰই সকলো ৰাজ্যকে ভেকচিন প্ৰদানৰ সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ কৈছে।

প্ৰথাৱস্থাত দেশত ৬০০ নিযুত ভেকচিন মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।ইপিনে বিশ্বত এতিয়া ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ আৰম্ভ হোৱাত পুনৰ শংকিত হৈ পৰিছে বিশ্ববাসী।

ইয়াৰ মাজতে ভাৰতত নতুন বছৰৰ প্ৰথম সপ্তাহতে ভেকচিন অহাৰ খবৰে সকলোকে আশাবাদী কৰি তুলিছে।