NORTHEAST NOW (Assamese)
অসম

আস্থাভোটত জয়ী হৈ প্ৰমোদ বড়োৱে বিপিএফক কিয় অগণতান্ত্ৰিক আৰু হিংসাত্মক বুলি ক’লে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 1:08 pm
index.jpgj

আজি অনুষ্ঠিত হোৱা বিটিচিৰ পৰিষদীয় আস্থা ভোটত বিজয়ী হৈ বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিপিএফক অগণতান্ত্ৰিক আৰু হিংসাত্মক আচৰণ কৰা বুলি দাবী কৰিছে।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত আজি আস্থাভোটৰ সন্মুখীন হোৱা প্ৰমোদ বড়োৰ নৱগঠিত বিটিচি পৰিদষদে ধ্বনি ভোটত জয়ী হয়।

আজি বিটিচিৰ পৰিষদৰ সদন আৰম্ভণি সময়ৰ পৰাই বিপিএফৰ পাৰিষদসকলে সদৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। যাৰ ফলত সদনৰ কামকাজ ১০ মিনিটৰ বাবে স্থগিত ৰখা হয়।

বিপিএফৰ পাৰিষদসকলে বেলট ভোটৰ দাবী কৰে যদিও অধ্যক্ষই এই দাবী নস্যাৎ কৰি ধ্বনি ভোটৰ আহ্বান কৰে। ইয়াৰ লগে লগে বিপিএফৰ পাৰিষদসকলে অধ্যক্ষৰ আসনৰ ওচৰত শ্ল’গান দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

ধ্বনি ভোটত জয়ী হোৱাৰ পিছত বিটিচিৰ নতুন চীফ প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত অভিযোগ কৰি কয় যে বিপিএফৰ পাৰিষদসকলে অগণতান্ত্ৰিক আচৰণ কৰাৰ লগতে হিংসাৰ আশ্ৰয় লৈছে।

হিংসাৰ আশ্ৰয় লোৱা বিপিএফৰ পাৰিষদসকলে অধ্যক্ষৰ মাইকৰফোনটো ভাঙি পেলোৱা বুলিও দাবী কৰিছে চীফ প্ৰমোদ বড়োৱে।

“ভাৰতবৰ্ষ বিশ্ব ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতান্ত্ৰিক দেশ, সেই দেশত আজি জন প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহি যিসকলে হিংসাত্মক পৰিস্থিতিৰ সষ্টি কৰিছে সেয়া আজি আপোনালোকে দেখিছে।” সাংবাদিকক উদ্দেশ্য কৰি এইদৰে কয় বিটিচিৰ নতুন চীফ প্ৰমোদ বড়োৱে।

বড়োৱে আনিক বিপিএফে প্ৰী-প্লেইনৰ দ্বাৰাই সদন সুস্থিৰভাৱে চলোৱাত বাধা প্ৰাপ্ত কৰা বুলিও অভিযোগ কৰে।

ইফালে বিটিআৰৰ দুখীয়া মানুহৰ অধিকাৰ আৰু ভূমি সমস্যা সমাধানক প্ৰথমে অগ্ৰাধিকাৰ প্ৰাদন কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

তেওঁৰ পৰিষদে সকলো জাতি-জনগোষ্ঠীৰ সম্প্ৰীতি ৰক্ষা কৰি বিটিআৰ অঞ্চলত শান্তি আৰু উন্নয়নৰ বাবে কাম কৰিব বুলিও প্ৰকাশ কৰে প্ৰমোদ বড়োৱে।

আনহাতে আজি ১৭ বছৰে অগণতান্ত্ৰিক এখন পৰিষদ চলি আছিল বুলিও দাবী কৰে নতুন চীফ প্ৰমোদ বড়োৱে।