NORTHEAST NOW (Assamese)
অসম

ষ্টান্ট কৰিবলৈ গৈ “সূৰ্যবংশী’ৰ ছেটত বেয়াকৈ আঘাত পালে অক্ষয় কুমাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2019 9:04 am
no-science-behind-ageless-look-says-akshay-kumar-0001

বলীউদৰ অন্যতম জনপ্ৰিয় তাৰকা অক্ষয় কুমাৰ “সূৰ্যবংশী’ৰ শ্বুটিঙৰ ব্যস্ত আছিল। সূৰ্যবংশীক লৈ চলচ্চিত্ৰ প্ৰেমীৰ উৎসাহো কম নহয়।

দেহ মন উত্তেজিত কৰা তোলা ষ্টান্ট একশ্যন, ৰোমাঞ্চেৰে ভৰপূৰ ছবিখনৰ মুক্তিৰ বাবেই অপেক্ষা কৰিছে তৰুণ চলচ্চিত্ৰ প্ৰেমীসকলে।

ৰোহিত শেঠী আৰু অক্ষয় কুমাৰ যুটীৰ সূৰ্যবংশীৰ কাহিনী বিনোদনৰ সমস্ত উপাদানেৰে নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

স্বাভাৱিকতে ৰোহিত আৰু অক্ষয়ৰ ছবিত থকা ৰোমাঞ্চকৰ মাৰপিটৰ দৃশ্য ইয়াতো থাকিবই। কিন্তু বিপদটো ঘটিল ইয়াতেই। সূৰ্যবংশীৰ ছেটত বাৰুকৈয়ে আঘাত পালে অক্ষয় কুমাৰে।

বৰ্তমান মুম্বাইত সূৰ্যবংশীৰ কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ শ্বট দিছিল অক্ষয়ে। এই দৃশ্যত আছিল কেইবাটাও ষ্টান্ট একশ্যন।

সেয়া কৰিবলৈ গৈয়েই হাতত বেয়াকৈ আঘাত পাইছে অভিনেতাগৰাকীয়ে। চিকিৎসকে হাতত বেণ্ডেজ লগাই ভালদৰে দৰৱ পাতি দিছে।

পিচে, বেয়াকৈ আঘাত পোৱাৰ পাছতো ছেট এৰি যোৱা নাই অভিনেতা অক্ষয় কুমাৰ। হাতত বেণ্ডেজ লগোৱা অৱস্থাৰেই ষ্টান্টত অংশ লৈছে অক্ষয়ে।

ছবিখনত অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছে বলীউদৰ অন্যতম মোহময়ী অবিনেত্ৰী কেটৰিণা কাইফে।

বৰ্তমান ছেটৰ পৰা কেটৰিণাৰ সৈতে অক্ষয়ৰ এটি ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে অভিনেতাগৰাকীৰ বাঁওহাতত সকলোৰে চকু পৰে।

অনুৰাগীসকলৰ চৰ্চাত প্ৰাণ পাই উঠিছে অক্ষয় কুমাৰৰ স্পিৰিটৰ গুণগান।

খাকী পোছাকৰ বেশভূষাৰে ছবিখনত সন্ত্ৰাস দমন বিভাগৰ এগৰাকী মুখ্য অফিচাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে অক্ষয় কুমাৰ। তেওঁৰ চৰিত্ৰটোৰ নাম হৈছে “বীৰ সূৰ্যবংশী’।

ৰোহিত শেঠীয়ে ইয়াৰ পূৰ্বে অজয় দেবগনৰ সৈতে খাকী পোছাকৰ ছবি “সিংঘম’ৰ জৰিয়তে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল।

“সূৰ্যবংশী’ অহা বছৰৰ মাৰ্চত মুক্তি পোৱাৰ কথা।