NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন ব্যৱস্থাত সংস্কাৰ অনা প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টি এন শেষানৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2019 7:51 am
tn-seshan

ভাৰতৰ নিৰ্বাচনী বিধি কঠোৰভাৱে ৰূপায়ন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টি এন শেষানৰ দেহাৱসান ঘটিছে।

দেওবাৰে তামিলনাডুৰ চেন্নাইত ৮৬ বছৰ বয়সত শেষানৰ পৰলোকপ্ৰাপ্তি ঘটে। টি এন শেষান তেওঁৰ কঠোৰ প্ৰশাসনীয় দক্ষতাৰ বাবে পৰিচিত আছিল।

নিজৰ কাৰ্যকালত তেওঁ প্ৰাক্তন প্ৰধান মন্ত্ৰী নৰসিংহ ৰাওকে ধৰি বিহাৰৰ মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদৱলৈ কাকো ৰেহাই দিয়া নাছিল।

উল্লেখ্য যে তেওঁ আছিল প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত যিয়ে প্ৰথমবাৰৰ বাবে বিহাৰত চাৰিটা পৰ্যায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাইছিল।

তেওঁৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকলে শোক প্ৰকাশ কৰিছে।

শেষান দেশৰ দশমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল। মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত হোৱাৰ পূৰ্বে তেওঁ কেইবাটাও মন্ত্ৰালয়ত কাম কৰিছিল আৰু তেওঁ য’তেই কাম কৰিছিল সেই মন্ত্ৰালয়ত সংস্কাৰ আনিবলৈ সক্ষম হৈছিল।

১৯৯০ চনত তেওঁ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নিৰ্বাচিত হোৱাৰ পাছত শেষানে কৈছিল,’’আই ইট পলিটিচিয়ান ফৰ মাই ব্ৰেকফাষ্ট’’। উক্ত সংলাপে সেই সময়ত বহুল চৰ্চা লাভ কৰিছিল।

শেষানৰ পিতৃ আছিল এগৰাকী অধিবক্তা। ছয়গৰাকী ভাতৃ-ভগ্নীৰ মাজত শেষান আছিল আটাইতকৈ সৰু। কেৰালাৰ এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা শেষানে ভাৰতীয় প্ৰশাসনীয় সেৱাত শীৰ্ষ স্থান লাভ কৰাৰ পাছত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি কেবিনেট সচিব পদলৈ উন্নীত হৈছিল।

শেষানে ১৯৫৪ চনত ২১ বছৰ বয়সত ভাৰতীয় প্ৰশাসনীয় সেৱাত শীৰ্ষস্থান লাব কৰিছিল।

তেওঁ তামিলনাডু কেডাৰ হিচাপে ১৯৫৫ বৰ্ষৰ আই এ এছ বিষয়া আছিল। শেষানে ১৯৯০ চনৰ ১১ ডিচেম্বৰৰ পৰা ১৯৯৬ চনলৈকে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

টি এন শেষান ইংৰাজীৰ উপৰি তামিল, মালয়ালম, সংস্কৃত, কানাড়া, মাৰাঠী আৰু গুজৰাটী ভাষাতো দক্ষ আছিল।

মুখ্য নিৰ্বাচনী আয়ুক্ত হৈ থকা সময়ত শেষান দুবাৰ অসমলৈও আহিছিল আৰু এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময়ো কৰিছিল।