NORTHEAST NOW (Assamese)
অসম

বগীবিল দলং: ‘অটল’ নহয়, ‘বীৰাংগনা সাধনী’হে হ’ব লাগিব নাম; অটল চুতীয়া ছাত্ৰ সন্থা

Posted by: এন ই নাও নিউজ August 21, 2018 11:10 pm
bogibeel bridge

সদ্যপ্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত বগীবিল দলঙক ‘অটল সেতু’ৰূপে নামকৰণ কৰাৰ বাবে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে দিয়া পৰামৰ্শৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক ‘সতী সাধনী’ সেতুৰূপেহে ঘোষণা কৰাৰ বাবে পূৰ্বৰ পৰা জনাই অহা দাবীত অটল আছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা।

বাজপেয়ীৰ নামত দেশৰ বিভিন্ন ঠাইৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ উচৰ্গা কৰিব পৰাৰ সুবিধা আছে বুলি উল্লেখ কৰি মঙলবাৰে চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পুনৰ তেওঁলোকৰ পুৰণা দাবীটো উত্থাপন কৰিছে।

‘ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ প্ৰয়াত বাজপেয়ীৰ নামত নামকৰণ কৰাৰ সুবিধা আছে, গতিকে দলংখনৰ নাম বীৰাংগনা সাধনী সেতু নামেৰে নামকৰণ কৰাটোহে যুক্তিসংগত,’ দাবী সন্থাৰ।

দলংখন চুতীয়া বীৰাংগনাগৰাকীৰ নামেৰে নামাংকিত হোৱাটো চুতীয়া জনগোষ্ঠীৰ বহুদিনীয়া আৰু পুৰণি দাবী বুলি উল্লেখ কৰি সন্থাই কয় অসমত ৰাজত্ব কৰা ৪টা ৰাজবংশৰ ভিতৰত আহোমসকলৰ ইতিহাসৰ স্মৃতিত শৰাইঘাট আৰু কলিয়াভোমোৰা সেতু, কোচ ৰজা নৰনাৰায়ণৰ স্মৃতিত নৰনাৰায়ণ সেতু হিচাপে নামকৰণ কৰাৰ দৰে বগীবিল দলঙক চুতীয়া বীৰাংগনাগৰাকীৰ নামেৰে নামকৰণ কৰা উচিত।

ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগ কৰি ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত নিৰ্মাণ হৈ থকা দলংখন ‘বীৰাংগনা সাধনী’ সেতু নামেৰে নামকৰণ কৰাৰ বাবে অটল বিহাৰী বাজপেয়ী সক্ৰিয় ৰাজনীতিত থকাৰ পৰাই চুতীয়া সংগঠনে দাবী কৰি আহিছে।

চুতীয়া জাতি সন্মিলনীয়ে এই দাবীৰে দুই দশক পূৰ্বেই ১৯৯৭ চনৰ ১২ আগষ্টত তদানীন্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ পৰামৰ্শদাতা সঞ্জয় সচদেৱলৈ এক দাবী পত্ৰ প্ৰেৰণ কৰিছিল।

জনজাতিকৰণ আৰু বগীবিল দলঙৰ নামকৰণক লৈ যোৱা ২০ জুলাইৰ পৰা গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আমৰণ অনশনত বহা সদৌ চুতীয়া ছাত্ৰ সন্থাক ২২ জুলাইত তেওঁলোকৰ দাবী ‘বিবেচনাৰ আশ্বাস’ দিছিল মুখ্য মন্ত্ৰীৰ নিৰ্দেশত যোৱা অগপৰ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই।

আনহাতে বগীবিল দলংখন ‘চহিদ কমলা মিৰি সেতু’ হ’ব লাগে বুলি মিছিং ছাত্ৰ সংগঠন টি এম পি কেয়ো দাবী জনাই আহিছে।