NORTHEAST NOW (Assamese)
অসম

দেশবাসীৰ বাবে সুখবৰ: ছেৰাম ইনষ্টিটিউটে ঘৰুৱা প্ৰযুক্তিৰে প্ৰস্তুত কৰিলে নিউমোনিয়াৰ প্ৰথম ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 2:19 pm
a images.jpg123

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন বজাৰলৈ আহো আহো কৰি থকাৰ সময়তে দেশৰ স্বাস্থ্য ক্ষেত্ৰ খনলৈ আহিছে আন এক সুখবৰপুনেৰ ছেৰাম ইনষ্টিটিউটে শেহতীয়াকৈ সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে নিউমোনিয়াৰ ভেকচিন।

এই ভেকচিন অহা সপ্তাহতে বজাৰত মুকলি কৰি দিয়া হব বুলি ছেৰাম ইনষ্টিটিউটৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে।

বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে বিশ্বত এতিয়ালৈকে বিদেশৰ মাত্ৰ দুটা কোম্পানীয়েহে নিউমোনিয়াৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

সেই ভেকচিনৰ তুলনাত ছেৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা ভেকচিনৰ মূল্য তুলনামূলক ভাবে কম হব বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য বিশ্বত বিভিন্ন ৰোগৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ বেছ নাম আছে।

ভাৰতে এতিয়ালৈকে বিশ্বত প্ৰচলিত ভেকচিনৰ ৬০ শতাংশই প্ৰস্তুত কৰিছে। নিউমোনিয়া ৰোগে প্ৰতি বছৰে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়ে।

ভাৰতে সম্পূৰ্ণ নিজা প্ৰযুক্তিৰে ভেকচিন সাজি উলিওৱাৰ ফলত এতিয়া দেশবাসীয়ে কম মূল্যতে নিউমোনিয়াৰ ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব।

ইপিনে কোভিডৰ ভেকচিন উৎপাদনৰ ক্ষেত্ৰতো ছেৰাম ইনষ্টিটিউট এতিয়া ভালেখিনি আগুৱাই গৈছে।

সকলো ঠিকে ঠাকে থাকিলে নতুন বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে কোভিডৰ ভেকচিন  লাভ কৰিবলৈ সক্ষম হ’ব বুলি ভবা হৈছে।