ক’ৰ’নাৰ বাবে অষ্ট্ৰেলিয়াত চুলি কটোৱাব নোৱাৰিব ক্ৰিকেটাৰে

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভালকৈ জোকাৰি গৈছে বিশ্ব ক্ৰিকেট জগতক।
ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দীৰ্ঘ সময় ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বন্ধ হৈ থকাৰ পাছত কোভিড প্ৰট’কল মানি ক্ৰিকেট প্ৰতিযোগিতাসমূহ আৰম্ভ হ’বলৈ ধৰিছিল।
এইবাৰ নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে অষ্ট্ৰেলিয়াত চলি থকা বিগ বেছ লীগত অংশলোৱা খেলুৱৈ সকলৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰা হৈছে।
অষ্ট্ৰেলিয়াৰ ছিডনীত শেহতীয়াভাৱে নতুনকৈ ক’ৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিগ বেছ লীগত অংশ লৈ থকা খেলুৱৈ সকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ শেহতীয়া জাননী অনুসৰি বিবিএলত অংশগ্ৰহণকাৰী খেলুৱৈ সকলে ক’ৰ’নাৰ সংক্ৰমণৰ বাবে নিজৰ চুলি কটোৱাব নোৱাৰিব।
চুলি কটোৱাৰ উপৰিও খেলুৱৈ সকলে বাহিৰত আৰু ভিতৰত মুকলিকৈ আহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই।
উল্লেখযোগ্য যে, ছিডনীৰ ক’ৰ’না সংক্ৰমণৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয়খন টেষ্টৰ প্ৰতিও সংশয়ৰ সৃষ্টি হৈছে।