NORTHEAST NOW (Assamese)
অসম

টীয়কত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সপ্তম স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2020 9:49 pm

যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি এক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।

চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সপ্তম স্মাৰক বক্তৃতা অনুষ্ঠানটি টীয়কৰ সুধাকন্ঠ ড°ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুস্থিত হয়।

অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ধীৰেন দোলাকাষৰীয়াৰ সভাপতিত্বত আয়োজিত হয় এই বক্তৃতা অনুষ্ঠানটো।

যোৰহাটৰ বিশিষ্ট বিজ্ঞানী তথা লেখিকা ড° মালিনীয়ে নিদিৰ্ষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নিৰ্ধাৰিত বিষয়ৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়াই অনুষ্ঠানটি জীপাল কৰি তোলে।

উল্লেখযোগ্য যে এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ প্ৰাথমিক পাঠ্যক্ৰম প্ৰস্তুতিৰ সমিতিৰ নৱনিযুক্ত সদস্য শিক্ষাবিদ হিমেন ভট্টাচাৰ্যক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।