NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে কৃষক সকলৰ সঁচা হিত চিন্তক : অমিত শ্বাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2020 9:32 pm
Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433-1140x570

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ-হাজাৰ কৃষকে প্ৰায় এমাহ ধৰি দিল্লীৰ সীমাত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰকীয়ে শুকুৰবাৰে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে কৃষকসকলৰ সঁচা হিত চিন্তক।

তেওঁ কয় যে যোৱা আঢ়ৈ বছৰৰ ভিতৰত ১০ কোটি কৃষকৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে ৯৫,০০০ কোটি টকা জমা কৰি দিছে।

তেওঁ লগতে কৃষি আইন তিনিখন কৃষকৰ হিতৰ বাবেই বুলিয়েই মন্তব্য কৰে।

তেওঁ লগতে কয় যে য়ুপিএ চৰকাৰৰ দিনত কৃষি বাজেটত আছিল ২১,৯০০ কোটি আৰু আজি প্ৰধান মন্ত্ৰীৰ মোদীৰ দিনত বৃদ্ধি কৰা হৈছে ১,৩৪,৩৯৯ কোটিলৈ।

উল্লেখ্য যে, দিল্লীৰ সিঙ্ঘু সীমান্তত পঞ্জাৱ-হাৰিয়ানাৰ লগতে দেশৰ অন্য প্ৰান্তৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে।