NORTHEAST NOW (Assamese)
অসম

সাহিত্য সভা, কেইবাটাও সংগঠনে সম্বৰ্দ্ধনা জনালে লুম্মেৰ দাই বঁটা বিজয়ী ৰংবং তেৰাঙক

Posted by: নংগী তেৰাং Updated by: নংগী তেৰাং May 28, 2019 8:46 am
Padmashree-Rongbong-Terang-1140x570

কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাৰ লগতে ১৮ টা সাহিত্য তথা সামাজিক সংগঠনে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙক অসম সাহিত্য সভাই প্ৰদান কৰা লুম্মেৰ দাই বঁটা ২০১৯’ লাভ কৰাৰ বাবে সম্বৰ্দ্ধনা জনায়।

প্ৰতি দুবছৰৰ মুৰে মূৰে সাহিত্য ক্ষেত্ৰৰ এজন ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। সভাৰ সূত্ৰই জানিবলৈ দিয়া মতে অহা ১ জুনত সাহিত্যিক লুম্মেৰ দাইৰ ৮০ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে তেজপুৰৰ লুম্মেৰ দাই ভৱনত এক অনুষ্ঠানত বঁটাটো প্ৰদান কৰা হ’ব।

সম্বৰ্দ্ধনা গ্ৰহণ কৰি তেৰাঙে কয়, ‘’ লুম্মেৰ দাই কোন আছিল সকলোৱে জানে। তেওঁ অৰুণাচল প্ৰদেশৰ এটা জনগোষ্ঠীৰ লোক। যদিওৱা তেওঁ অসমৰ নহয়, কিন্তু অসমীয়া সাৱলীলভাৱে পঢ়িব আৰু লিখিব পাৰে।‘’

‘’তেওঁৰ সকলোবোৰ গ্ৰন্থ অসমীয়াত লিখা। লুম্মেৰ দাইৰ নিচিনা এজন ব্যক্তিয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ লোকৰ মাজত এক সমন্বয় গঢ়ি তুলিছে,’’-তেৰাঙে লগতে কয়।

ওইটো কোৱা হয় যে সাহিত্যৰ কোনো সীমা নাই আৰু লুম্মেৰ দাইয়ে সেয়া সম্পূৰ্ণভাৱে প্ৰমান কৰিছে।

‘’তেওঁৰ লিখনিৰ জৰিয়তে তেওঁ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধ গঢ়ি তুলিছে। তেওঁৰ স্মৃতিত অসম সাহিত্য সভাই এটা বঁটা প্ৰৱৰ্তন কৰিছে যিটো সাহিত্য ক্ষেত্ৰৰ কোনো এজন লোকক প্ৰদান কৰা হয়,’’-তেৰাঙে কয়।

অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যিক ভাষাৰ আহ্বায়ক দেবেন কাকতি আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক অতুল বৰুৱাৰ লগতে কাৰ্বি লিখক সংঘৰ সদস্যসকল, বেংগলী সাহিত্য কলা সংস্কৃতি, সদ্য ডিফু নামঘৰ সমন্বয় সমিতি, ডিফু কেন্দ্ৰীয় বিহু সমিতি, সমন্বয় গোষ্ঠী, ডিফু, শংকৰী কৃষ্টি বিকাশ সমিতি, মঞ্জা আঞ্চলিক বিহু সমিতি আৰু ডিফু বুনিয়াদী বিদ্যালয় বিহু আঞ্চলিক সমিতিয়ে পদ্মশ্ৰী তেৰাঙক সম্বৰ্দ্ধনা জনায়।