NORTHEAST NOW (Assamese)
দেশ

জঘন্য! সন্তানে ফুল চিঙাৰ বাবেই মহিলাৰ নাক কাটিলে বাৰীৰ গৰাকীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 3, 2024 5:29 pm
Man Chops Off Woman's Nose

এগৰাকী ব্যক্তিৰ ফুলবাৰীৰ পৰা ফুল চিঙিছিল এটি শিশুৱে। এই কথাতে খৰ্গহস্ত হৈ গুল বাৰীখনৰ গৰাকীয়ে কৰিছে এক জঘন্য কাণ্ড।

এপাহ ফুল চিঙাৰ ক্ষোভতে ব্যক্তিজনে ফুল চিঙা শিশুটিৰ মাতৃৰ নাক কাটি দিছে। এই জঘন্য কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত।

ৰাজ্যখনৰ বেলাগাৱী অঞ্চলত মঙলবাৰে হোৱা এই ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ। অভিযুক্ত ব্যক্তিজনক কল্যানী ম’ৰে বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা মতে, কল্যানী ম’ৰেৰ বাৰীৰ পৰা ফুল চিঙি নিছিল সুগন্ধা ম’ৰে নামৰ এগৰাকী শ্ৰমিকৰ সন্তানে।

ইয়াতে ক্ষোভিত হৈ পৰে কল্যানী ম’ৰে আৰু সুগন্ধা ম’ৰেৰ সৈতে কাজিয়াত লিপ্ত হয়। কাজিয়াৰ মাজতে তেওঁ সুগন্ধাক আক্ৰমণ কৰি নাকটো কাটি পেলায়।

এই আক্ৰমণত সুগন্ধাৰ আঘাতস্থলীৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হয়। লগে লগে সুগন্ধাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

সম্প্ৰতি চিকিৎসাধীন সুগন্ধাৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত কল্যানী ম’ৰেই। পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।