NORTHEAST NOW (Assamese)
অসম

বোকাখাতত আত্মসমৰ্পণ তিনি চোৰাং চিকাৰীৰঃ হৰিণ চিকাৰত জড়িত থকাৰ কথা স্বীকাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 3, 2024 6:23 pm
poachers surrender

গোলাঘাট জিলাৰ বোকাখাতত আজি আত্মসমৰ্পণ কৰিছে তিনি চোৰাং চিকাৰীয়ে। মঙলবাৰে এটা হৰিণ চিকাৰত জড়িত থকা বুলি স্বীকাৰ কৰিছে তিনিও চোৰাং চিকাৰীয়ে।

আত্মসমৰ্পণকাৰী চোৰাং চিকাৰীকেইজনক শ্ৰৱণ গৌৰ, মাইনা মুৰা আৰু শংকৰ খুদল বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে গোলাঘাটৰ কৈলাখাত অঞ্চলত উদ্ধাৰ হৈছিল এটা হৰিণৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত হয় বন বিষয়াৰ দল।

স্থানীয় লোকসকলে চোৰাংচিকাৰীয়ে সংৰক্ষিত প্ৰজাতিৰ হৰিণটোক আঘাত কৰি পলায়ন কৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল।

বন বিভাগৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত উল্লেখ কৰা মতে, পুৱাই কিছু লোকে হৰিণটোক খেদি যোৱা বুলি জানিব পৰা গৈছে।

হৰিণাটোক মাংসৰ বাবে হত্যা কৰিছিল যদিও স্থানীয় লোকসকল সজাগ হৈ থকাৰ বাবে মৃতদেহটো এৰি পলায়ন কৰে বুলি প্ৰকাশ কৰে বিভাগে।

অৱশ্যে ঘটনাৰ তদন্ত চলি থকাৰ সময়তে তিনিওজন অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰি আত্মসমৰ্পণ কৰা বুলি বিভাগে লগতে সদৰী কৰে।

বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ অধীনত তিনিও অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰে বিভাগীয় বিষয়াগৰাকীয়ে।