NORTHEAST NOW (Assamese)
অসম

৩১ দিনত ভৰি দিলে কৃষক বিক্ষোভে, মোদীৰ আহ্বানৰ পিছতেই আজি কৃষকসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2020 1:10 pm

নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলৰ প্ৰতিবাদে আজি ৩১ দিনত ভৰি দিলে। ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সীমাত কৃষকসকলে এই তিনিখন আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে।

ইয়াৰ মাজতে কৃষক সংগঠন সমূহে চৰকাৰৰ সৈতে পুনৰ এবাৰ আলোচনাত মিলিত হোৱাৰ প্ৰসংগত আজি তেওঁলোকৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক হোৱাৰ সম্ভাৱনা আছে।

শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলক কৰা সম্বোধন সম্পৰ্কেও আজিৰ এই বৈঠকত চৰ্চা হ’ব বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে চৰকাৰে কৃষকসকলক উদ্দেশ্যি লিখা চিঠি সন্দৰ্ভত শুকুৰবাৰে কৃষকসকলৰ মাজত আলোচনা হৈছিল।

এই বিষয়টো নিষ্পত্তিৰ বাবে চৰকাৰৰ সৈতে পুনৰ এবাৰ আলোচনাত মিলিত হ’ব লাগে বুলি আলোচনাকালত কিছু সংখ্যক কৃষকে মতপোষণ কৰে।

চৰকাৰৰ আলোচনাৰ প্ৰস্তাৱ সন্দৰ্ভত আজি পুনৰ কৃষক সংগঠনৰ মাজত আলোচনাত হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ প্ৰতিবাদী কৃষক সংগঠনৰ নেতা আৰু চৰকাৰৰ মাজত আলোচনা হৈছিল যদিও প্ৰতিবাৰেই কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল দুয়োপক্ষ।

বৃহস্পতিবাৰে পুনৰ এবাৰ চৰকাৰৰ তৰফৰ পৰা কৃষকসকলক এখন চিঠি প্ৰেৰণ কৰি আলোচনাৰ বাবে দিন আৰু সময় নিৰ্ধাৰণ কৰাৰ আহ্বান জনাইছিল।

ইয়াৰ পূৰ্বে ২০ ডিচেম্বৰত চৰকাৰে প্ৰেৰণ কৰা চিঠিৰ জৰিয়তে আলোচনাৰ সময়সীমা নিৰ্ধাৰণ কৰিব কৈছিল কিন্তু কৃষকসকলে আলোচনাৰ বিষয়টো নাকচ কৰিছিল।

উল্লেখ্য যে হাৰিয়ানা, পঞ্জাৱৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে এতিয়াও প্ৰতিবাদত যোগ দিয়াৰ উদ্দেশ্যে দিল্লী সীমান্তলৈ বুলি ৰাওনা হৈ আছে।