NORTHEAST NOW (Assamese)
অসম

পত্নীৰ বাধা নামানি ১৩০ টকাৰে কাটিলে লটাৰীৰ টিকট, নিশাটোতে কোটিপতি এইজন লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2020 3:31 pm
a llttery

দুটি পুত্ৰ সন্তান আৰু পত্নীকলৈ সংসাৰ উত্তম মাইটি নামৰ লোক জনৰ।

মাইটিৰ সংসাৰক সম্পূৰ্ণ সুখৰ সংসাৰ বুলিও ক’ব নোৱাৰি, কাৰণ প্ৰতি দিনেই কিবা নহয় কিবা অভাৱ লাগিয়েই থাকে সংসাৰত।

অভাৱ-অনাটনৰ মাজেৰে দুটি সন্তানক মানুহ কৰাৰ সপোন বুকুত কঢ়িয়াই লৈ ফুৰা উত্তম মাইটিয়ে ৰাজ মিস্ত্ৰিৰ কাম কৰি ঘৰখন চলাই আহিছে।

কাম সদায় নাথাকে, সেয়ে উত্তমৰ পকেটো প্ৰায়ে খালি হৈয়েই থাকে।

অভাৱৰ মাজতো লটাৰীৰ টিকট কটাটো উত্তমৰ এক অভ্যাস বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

এই স্বভাৱৰ বাবে পত্নীৰ সৈতে প্ৰায়ে উত্তমৰ খকা-খুন্দা নলগাকৈয়ো নাথাকে।

পশ্চিমবংগৰ হুগলীৰ আৰামবাগৰ অন্তৰ্গত মনসাতলাৰ বাসিন্দা উত্তম মাইটি।

বৃহস্পতিবাৰে পত্নীৰ বাধাকো উপেক্ষা কৰি উত্তমে কাটিছিল এখন লটাৰীৰ টিকট।

১৩০ টকাৰে কিনা লটাৰীৰ টিকট খনেই যে তেওঁৰ ভাগ্য সলাই দিব সেয়া উত্তম মাইটিয়ে কেতিয়াও ভবা নাছিল।

কিন্তু আজি লটাৰীৰ ফলাফল লবলৈ গৈ উত্তম মাইটিৰ আচৰিত হোৱাৰ পাল।

লটাৰীৰ এক কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাগিছে তেওঁ কটা টিকটৰ নম্বৰত। দৰিদ্ৰ উত্তম মুহূৰ্তৰ ভিতৰতে কোটিপতি হৈ পৰিল।

খবৰটো বনজুইৰ দৰে বিয়পি পৰিল।

আনন্দত আত্মহাৰা হোৱা উত্তম উভতি আহিৱল নিজৰ ঘৰলৈ।

ঘৰত তেতিয়া চুবুৰীয়াই ভিৰ কৰিছে। উত্তমক প্ৰশ্ন সাংবাদিকৰ—এই ধনেৰে আপুনি কি কৰিব?

উত্তমৰ হাতত নাই কোনো তাৎক্ষণিক উত্তৰ। তেওঁ মাথো ক’লে—বেলেগ কথা নাজানো, ল’ৰা দুটাক পঢ়ুৱাই মানুহ কৰিম।