NORTHEAST NOW (Assamese)
অসম

বিদ্ৰোহ দীঘলীয়া হোৱাৰ ইংগিত; প্ৰতিবাদস্থলীত কৃষিকৰ্ম আৰম্ভ কৰিছে প্ৰতিবাদী কৃষকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2020 8:11 am

বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সংযোগী সীমান্ত অঞ্চলসমূহত আজি ৩১ দিনেও অব্যাহত আছে কৃষক বিদ্ৰোহ।

বুৰাৰিৰ নিৰংকাৰী সমাগম পথাৰত প্ৰতিবাদ অব্যাহত ৰখা কৃষক সকলে বৰ্তমান প্ৰতিবাদ স্থলীতে খেতি-বাতিৰ কাম আৰম্ভ কৰিছে।

‘‘যিহেতু আমি বিগত এমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছো সেয়ে আমি ভাবিছো আমি ইয়াৰ সমান্তৰালভাৱে মুকলি পথাৰত পিয়াঁজৰ খেতি আৰম্ভ কৰো যাতে আমি সেই পিয়াঁজ আমাৰ খাদ্য প্ৰস্তুত কৰাৰ কামত ব্যৱহাৰ কৰিব পাৰো,’’ এগৰাকী প্ৰতিবাদী কৃষকে কয়।

প্ৰতিবাদকাৰী কৃষক সকলে বুৰাৰি পথাৰত আৰু অধিক শস্যৰ খেতি আৰম্ভ কৰা হ’ব বুলিও লগতে কয়।

প্ৰতিবাদস্থলীত প্ৰতিবাদী কৃষক সকলে খেতিৰ কাম আৰম্ভ কৰা কাৰ্য্যই এই প্ৰতিবাদ যে দীঘলীয়া হ’ব সেই বাৰ্তা চৰকাৰলৈ প্ৰেৰণ কৰিছে।

ইতিমধ্যে প্ৰতিবাদী কৃষক নেতা আৰু কেন্দ্ৰ চৰকাৰৰ মাজত বহুলানি আলোচনা অনুষ্ঠিত হৈছে যদিও এতিয়ালৈ কৃষক সকলৰ দাবীৰ কোনোধৰণৰ স্থায়ী সমাধান ওলোৱা নায়।

কৃষক সকলৰ এই বিদ্ৰোহলৈ ইতিমধ্যে ভালেসংখ্যক ৰাজনৈতিক দলেও সমৰ্থন আগবঢ়াইছে।