NORTHEAST NOW (Assamese)
অসম

নামৰূপত সেনা-আৰক্ষীৰ অভিযানত এন এছ চি এন(য়ু)ৰ সক্ৰিয় কেডাৰ আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2020 8:50 am

অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ যুটীয়া অভিযানত নামৰূপ চহৰৰ পৰা এগৰাকী এন এছ চি এন-য়ুৰ সক্ৰিয় কেডাৰক আটক কৰা হয়।

আটক হোৱা সক্ৰিয় কেডাৰ গৰাকী ডেনিয়েল লোথা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি এন এছ চি এন-য়ুৰ সক্ৰিয় কেডাৰ গৰাকীয়ে অৰুণাচল-নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চল সমূহত নতুন সদস্য ভৰ্তিৰ কামত নিয়োজিত হৈ আছিল।

অভিযানকাৰী দলটোৱে আটক হোৱা বিদ্ৰোহী সদস্য গৰাকীৰ পৰা অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আৰক্ষী আৰু সেনাৰ অভিযানকাৰী দলটোৱে এন এছ চি এন-য়ুৰ কেডাৰ গৰাকীক দিল্লী ঘাটলৈ দেওমালি হৈ গৈ থকা অৱস্থাত আটক কৰে।

ডেনিয়েল লোথাই সংগঠনত নতুন সদস্য ভৰ্তি আৰু ধন সংগ্ৰহৰ কামত দিল্লী ঘাটলৈ গৈ আছিল।

আৰক্ষীয়ে বৰ্তমান সময়ত আটক কৰা উগ্ৰবাদী সদস্য গৰাকীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।