NORTHEAST NOW (Assamese)
অসম

চীনৰ দৰে আন বহু দেশেই দিয়া নাই কৰ’নাৰ সঠিক তথ্য! কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 12:50 pm
COVID-19: This virus may never go away, warns WHO

চীনে ইয়াৰ কৰ’না সম্পৰ্কীয় তথ্য সলনি কৰাৰ পাছতেই পোহৰলৈ আহিছে আন বহু গোপন কথা। চীনে যে প্ৰকৃত তথ্য গোপন ৰাখিছিল সেই কথাও স্পষ্ট হৈ পৰিছে।

ইপিনে বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কৈছে যে কেবল চীনেই নহয়, এনেকুৱা বহু দেশেই কৰ’নাত আক্ৰান্ত বা মৃত্যুৰ সংখ্যা সঠিকভাৱে প্ৰকাশ কৰা নাই। বৰ্তমান যি সংখ্যা দেখুওৱা হৈছে প্ৰকৃততে সেই সংখ্যা তাতকৈ অধিক।

সংস্থাটোৱে লগতে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলেই প্ৰকৃত তথ্য জানিব পৰা যাব।

শুকুৰবাৰে চীনে স্বীকাৰ কৰিছে যে দেশখনৰ উহান চহৰত কোভিড-১৯ ভাইৰাছৰ ফলত যিমান মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে, প্ৰকৃত সংখ্যা তাতকৈ পঞ্চাশ শতাংশ অধিক।

সেইদৰে চালে উহানত মৃত্যুৰ সংখ্যা ১হাজাৰ ২৯০জন বৃদ্ধি পাব আৰু মুঠ সংখ্যা হ’বগৈ ৩হাজাৰ ৮৬৯জন।

আনহাতে, বৰ্তমান উহানত পৰিস্থিতি নিয়ন্ত্ৰণাধীন। নতুনকৈ কৰ’নাৰ ঘটনা সংঘটিত নোহোৱাৰ বাবে উহানৰ অস্থায়ী কৰ’না হাস্পাতলখন বন্ধ কৰি দিয়া হৈছে। হাস্পাতলখনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল ঘৰলৈ ঘুৰি গৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবেই চীনে প্ৰকৃত মৃতকৰ সংখ্যাটো ক’ব পাৰিছে।

সংস্থাৰ এগৰাকী বিষয়াই কৈছে, ‘’এইটো সঁচাকৈয়ে এটা প্ৰত্যাহ্বান।সকলো আক্ৰান্ত তথা মৃতকৰ সংখ্যাৰ হিচাপ ৰখাটো টান কাম। আমি ভাবো বিশ্বৰ আৰু বহু দেশে এতিয়া প্ৰকৃত পৰিসংখ্যা দিয়া নাই। পৰিস্থিতি স্বাভাৱিক হ’লে সেইবোৰৰ পুনৰ এবাৰ পৰ্যালোচনা কৰা হ’ব।‘’

চীনে তথ্য গোপন কৰাৰ অভিযোগে ইতিমধ্যে বহুল চৰ্চা লাভ কৰিছে। বিশেষকৈ উহান চহৰৰ তথ্যকলৈ সন্তুষ্ট নহয় আমেৰিকাকে ধৰি বিশ্বৰ কেইবাখনো উন্নত দেশ।