NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাত আক্ৰান্ত মনীষ তিব্ৰেৱালাৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক চিকিৎসালয়ত ভৰ্তি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 18, 2020 12:25 pm
0e5d3201-3d50-44cc-b16e-54100043c1ee

গুৱাহাটী মহানগৰীৰ প্ৰথমজন ক’ৰ’না আক্ৰান্ত মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুগৰাকী যুৱতীক শুকুৰবাৰে নিশা নলবাৰী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰা হয়।

জানিব পৰা মতে নলবাৰীৰ এই দুয়োগৰাকী যুৱতী ব্যৱসায়ী মনীষ তিব্ৰেৱালৰ এটা কোম্পানিত কৰ্মৰত আছিল। জু ৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা তিব্ৰেৱালে যোৱা ২০ মাৰ্চত যুৱতীদ্বয়ে কাম কৰা কোম্পানিটোলৈ গৈছিল।

ব্যৱসায়ীজন ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ সংস্পৰ্শলৈ অহা অন্য লোকৰ লগতে যুৱতী দুগৰাকীকো স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত ৰাখিছিল।

হোম কোৱাৰেণ্টাইনত থকাৰ পিছত যোৱা কিছুদিনৰ পৰা যুৱতী দুগৰাকীৰ দেহত ক’ৰ’নাৰ কিছু লক্ষণ দেখা দিয়াত নলবাৰীৰ স্বাস্থ্য বিভাগে শুকুৰবাৰে নিশা তেওঁলোকক নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে।

যুৱতী দুগৰাকীৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে নে নাই তাৰ সবিশেষ এতিয়ালৈ জানিব পৰা হোৱা নাই।

আনহাতে যুৱতী দুগৰাকীৰ এগৰাকীৰ ঘৰ ঘগ্ৰাপাৰৰ গুৱাকুছিত আৰু আনগৰাকী অময়াপুৰৰ যজ্ঞভূমিৰ বুলি জানিব পৰা গৈছে।