NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2021 6:53 am
WhatsApp Image 2021-11-05 at 9.11.41 AM

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ যথেষ্ট নিম্নগামী হোৱাৰ লগতে সুস্থতাৰ হাৰ বৃদ্ধিৰ ফলত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে।

সোমবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৯৪ গৰাকী লোক।

এই সময়ছোৱাত ,৬০৯ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫ গৰাকী লোক। সেইদৰে, ৪গৰাকী বৰপেটাত, ৩ গৰাকী কাছাৰত আৰু ৩ গৰাকী ডিব্ৰুগড়ত আক্ৰান্ত হৈছে।

Also Read: ভূমি কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতা; মূল বিষয় তল পেলাবলৈ কি কৰিলে মুখ্যমন্ত্ৰীয়ে?

ৰাজ্যত এতিয়াও কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৫৫গৰাকী ৰোগী।

সোমবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ১১৯ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.২৭ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৬ শতাংশ।

ইপিনে কোভিডৰ নতুন ভেৰিয়েন্টমিক্ৰৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ সময়ত অসমত  অ’মিক্ৰণ আক্ৰান্ত কোনো ৰোগীৰ সন্ধান পোৱা হোৱা নাই।

বিদেশৰ পৰা অসমলৈ অহা বহু কেইগৰাকী লোক কোভিড পজিটিভ বুলি নিশ্চিত হোৱাৰ পিছত তেওঁলোক অমিক্ৰৰ দ্বাৰা সংক্ৰমিত নেকি তাকলৈ আশংকা বৃদ্ধি পাইছিল।