• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমি কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতা; মূল বিষয় তল পেলাবলৈ কি কৰিলে মুখ্যমন্ত্ৰীয়ে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 20, 2021 8:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসক-বিৰোধীৰ বাকযুদ্ধত উত্তাল বিধানসভাৰ মজিয়া।

তেনেতে চতুৰ মুখ্যমন্ত্ৰীৰ এক চাতুৰ্যতা।

Apply Now

ইচ্ছু ডাইভাৰ্টটো যেন তেওঁৰ বাবে হাতেৰে টিলিকি বজোৱা লেখীয়া কথা।

মূল কাহিনী বাখ্যা কৰাৰ পূৰ্বে উল্লেখ কৰি ল’ব বিচাৰিছো বিধানসভাৰ মজিয়াৰ ভিতৰৰ কথা। শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিন।

৫ দিনীয়া কাৰ্য্যসূচীৰে হ’বলগীয়া বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধী কংগ্ৰেছে সভা ভংগৰ প্ৰস্তাৱ আনি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ সবিস্তাৰে আলোচনা কৰিব বিচাৰিছিল। কিন্তু কোনোপধ্যেই এই কথা মানি নল’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

ভূমি কেলেংকাৰীৰ প্ৰসংগ বিধানসভাৰ মজিয়াত আলোচনা কৰাটো আইনৰ গণ্ডীৰ বাহিৰৰ বুলি কোৱাৰ লগতে অনুমতিও নিদিলে বিষয়টো আলোচনাৰ ক্ষেত্ৰত। যাৰ পৰিণতিত প্ৰথমে ১০ মিনিটৰ বাবে সভা স্থগিত ৰাখিলে বিধানসভাৰ অধ্যক্ষই।

সদন আৰম্ভ হোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীক লৈ সৰৱ হৈ সদন ত্যাগ বিৰোধী কংগ্ৰেছ, AIUDF, চিপিআইএমৰ লগতে নিৰ্দলীয় বিধায়ক অখিল গগৈয়ে।

এতিয়া আহিছো মূল কাহিনীলৈ। এইখিনিতে উল্লেখ কৰিব লাগিব যে বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদনত উপস্থিত নাছিল স্বয়ং মুখ্যমন্ত্ৰী।

কিন্তু নিজৰ কাৰ্য্যালয়ত উপস্থিত আছিল ড০ হিমন্ত বিশ্ব শৰ্মা।

প্ৰতিবেদনখনৰ আৰম্ভণিতে আমি উল্লেখ কৰিছিলো চতুৰ মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতাৰ প্ৰসংগ। সেই কথা ধৰা পৰিল মুখ্যমন্ত্ৰীৰ কাণ্ডতে। মুখ্যমন্ত্ৰীৰ অনুপস্থিতিতে তেওঁৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰে সদন উত্তাল, সদন ত্যাগ বিৰোধীৰ। কিন্তু সেই কথাই স্থান নাপালে অসমৰ মূল সূঁতিৰ টেলিভিছন চেনেলত।

সেই সমূহত বিগ ব্ৰেকিঙৰ স্থান পালে মুখ্যমন্ত্ৰীয়ে গামোছা পিন্ধাই বিজেপিলৈ আদৰিলে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক।

এয়াও যেন মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতাৰ এক অংশ বুলি ক’ব পাৰি। মূল ইচ্ছুৰ পৰা জনসাধাৰণক আঁতৰাই ৰখাত পাকৈত মুখ্যমন্ত্ৰীৰ অসম বিধানসভাৰ ভিতৰত থকা চৰকাৰী কাৰ্য্যালয়লৈ হাতত কেমেৰা বুম লৈ দৌৰি গ’ল সাংবাদিকৰ এটা দল। কিয়নো মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা ল’লে ৰহা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে।

কেৱল ভৰি চুৱই নহয়, মুখ্যমন্ত্ৰীক গামোছা পিন্ধোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰীয়ে নিজে গামোছা পিন্ধালে শশীকান্ত দাসে।

পিছে ৰ’ব মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতাৰে ভৰপূৰ নাটকৰ যৱনিকা ইয়াতে অন্ত পৰা নাই।

মুখ্যমন্ত্ৰীৰ মতে বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰিলে যদিও কংগ্ৰেছত থাকি বিজেপিৰ সৈতে কাম কৰি যাব বিধায়ক শশীকান্তই।

ইতিমধ্যে, বিধায়ক শশী কান্ত দাসক কংগ্ৰেছ দলে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

মুঠৰ ওপৰত সাধাৰণ ৰাইজক বিবুধিত ৰাখি মূল ইচছুৰ পৰা ৰাইজক বিৰত ৰখাটোৱেই যেন মূল কৰ্তব্যত পৰিণত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

ইপিনে, সদনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ দৰে বিষয়টো গাপ দিয়াবলৈকে বেলেগ এটা ইচ্ছু অনা বুলি দাবী চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী উপ দলপতি ৰকিবুল হুছেইনৰ।

ৰকিবুল হুছেইনেও জানে সংবাদ মাধ্যমে পৰিৱেশন নকৰে এই বাতৰি।

ৰকিবুল হুছেইন দেৱৰ জ্ঞাতাৰ্থে জনাই থওঁ শাসক-বিৰোধী সকলোৰে ভাষ্য বা দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে সদা সৰৱ হৈ আহিছে নৰ্থ ইষ্ট নাও। পূৰ্বলৈয়ো সকলোৰে ভাষ্য নিৰপেক্ষতাৰে পৰিৱেশন কৰি যাব নৰ্থ ইষ্ট নাওৱে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd