দেশৰ নিৰ্বাচনী ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ পথ মুকলি কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। লোকসভা আৰু ৰাজ্যৰ বিধানসভাসমূহৰ আসনসংখ্যা বৃদ্ধিৰ লগতে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা শীঘ্ৰে কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ২০২৬ চনৰ সংবিধানৰ ১৩২ সংখ্যক সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়।
আগন্তুক ৩০ নৱেম্বৰত লোকসভা আৰু ২ ডিচেম্বৰত ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব। এই অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসভাই গ্ৰহণ কৰা সিদ্ধান্তই দেশৰ ৰাজনৈতিক সমীকৰণত নতুন অধ্যায়ৰ সূচনা কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে। বিশেষকৈ লোকসভাৰ আসন বৃদ্ধি, ৰাজ্যসমূহৰ মাজত আসনৰ বৰ্তমানৰ অনুপাত অক্ষুণ্ণ ৰখা আৰু মহিলাৰ ৰাজনৈতিক প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ দিশত এই বিধেয়কক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
কেন্দ্ৰৰ নতুন প্ৰস্তাৱ অনুসৰি লোকসভাৰ সৰ্বাধিক আসনসংখ্যা ৮৫০লৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। একেদৰে ৰাজ্যসমূহৰ বিধানসভাৰ সৰ্বাধিক আসনসংখ্যা ৬৫০লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱো আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল, নতুন ব্যৱস্থাত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসভা তথা বিধানসভাৰ মুঠ আসনসংখ্যা বৰ্তমানৰ তুলনাত ৫০ শতাংশকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা থকা সংবিধানৰ ৩৩৪এ অনুচ্ছেদত সংশোধন ঘটাই এই নতুন ব্যৱস্থা অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই।
অৱশ্যে আসন বৃদ্ধি হ’লেও ৰাজ্যসমূহৰ মাজত লোকসভাৰ আসন বণ্টনৰ বৰ্তমানৰ অনুপাত সলনি নহ’ব। ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত সংসদৰ দুয়োখন সদনত ৰাজ্যসমূহৰ মাজত থকা আসনৰ অনুপাত ২০৫১ চনলৈকে অক্ষুণ্ণ ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ বাবে সংবিধানৰ ৮১(৩)(১) অনুচ্ছেদত সংশোধন অনাৰ পৰিকল্পনা কৰা হৈছে। এই ব্যৱস্থাৰ ফলত জনসংখ্যা বৃদ্ধিৰ ভিত্তিত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সংসদীয় আসনৰ অনুপাত হ্ৰাস পোৱাৰ আশংকা কিছু পৰিমাণে দূৰ হ’ব বুলি ধাৰণা কৰা হৈছে।
আনহাতে, সমষ্টিৰ ভৌগোলিক সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ২০১১ চনৰ লোকপিয়লক ভিত্তি হিচাপে লোৱা হ’ব। কিন্তু ৰাজ্যসমূহৰ ভিতৰত বিধানসভাৰ সমষ্টি আৰু আসন বণ্টনৰ ক্ষেত্ৰত ২০০১ চনৰ লোকপিয়লৰ পৰিৱৰ্তে আইনখন কাৰ্যকৰী হোৱাৰ তাৰিখলৈকে প্ৰকাশিত শেহতীয়া লোকপিয়লৰ তথ্য ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ ৰখা হৈছে।
চৰকাৰৰ লক্ষ্য হৈছে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰা। এই লক্ষ্য পূৰণৰ বাবে সংসদত মুঠ তিনিখন বিধেয়ক উত্থাপন কৰা হ’ব। প্ৰথমখন হ’ব লোকসভাৰ আসন বৃদ্ধিৰ লগতে ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যসমূহৰ মাজত আসনৰ অনুপাত অক্ষুণ্ণ ৰখাৰ বাবে সংবিধান সংশোধনী বিধেয়ক। দ্বিতীয়খন হ’ব সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ গঠনৰ বিধেয়ক। ইয়াৰ বাবে পূৰ্বৰ ‘সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক, ২০২৬’ প্ৰত্যাহাৰ কৰি আইনমন্ত্ৰীয়ে নতুনকৈ ‘সমষ্টি পুনৰ্নিৰ্ধাৰণ (দ্বিতীয়) বিধেয়ক, ২০২৬’ উত্থাপন কৰিব। তৃতীয়খন বিধেয়কত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আসন পুনৰ্নিৰ্ধাৰণৰ ব্যৱস্থা থাকিব।
সংসদত বিধেয়ককেইখন গৃহীত হোৱাৰ লগতে প্ৰয়োজনীয় ৰাজ্যিক অনুমোদন লাভ কৰাৰ পিছতে সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ গঠন কৰা হ’ব। নতুন ব্যৱস্থা অনুসৰি মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ সময়সীমা ১৫ বছৰ ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। প্ৰতি তিনিটা নিৰ্বাচনী কাৰ্যকালৰ অন্তত সংৰক্ষিত আসনসমূহৰ স্থান পৰিৱৰ্তন বা আৱৰ্তন কৰা হ’ব। আনহাতে, লোকসভা আৰু বিধানসভাৰ আসনসংখ্যা বৃদ্ধি পালেও ৰাষ্ট্ৰপতি নিৰ্বাচনত সাংসদ আৰু বিধায়কসকলৰ ভোটৰ মূল্য যাতে বৰ্তমানৰ দৰে থাকে, তাৰ বাবেও এখন পৃথক বিধেয়ক অনাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই।
উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰই উত্থাপন কৰা ২০২৬ চনৰ সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়কখন লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছিল। সেই বিধেয়কখনত সকলো ৰাজ্যতে সমানুপাতিকভাৱে ৫০ শতাংশ আসন বৃদ্ধিৰ ব্যৱস্থা নাছিল। ইয়াক লৈ আঞ্চলিক ৰাজনৈতিক দলসমূহে তীব্ৰ আপত্তি দৰ্শাইছিল। তদুপৰি, মহিলাৰ আসন সংৰক্ষণক ২০২৭ চনৰ লোকপিয়লৰ সৈতে সংযুক্ত কৰি ৰখা পূৰ্বৰ প্ৰস্তাৱসমূহো এইবাৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।
নতুন বিধেয়কৰ জৰিয়তে সকলো ৰাজ্যতে সমান হাৰত আসন বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াই আঞ্চলিক দলসমূহৰ আপত্তি দূৰ কৰাৰ চেষ্টা কৰিছে কেন্দ্ৰই। একে সময়তে ২০২৯ চনৰ নিৰ্বাচনৰ পৰাই মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্য লোৱা হৈছে। এতিয়া ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ অধিৱেশনত বিধেয়ককেইখনক লৈ কেনে আলোচনা হয় আৰু বিৰোধী তথা আঞ্চলিক দলসমূহে কি স্থিতি গ্ৰহণ কৰে, তাৰ ওপৰতেই নিৰ্ভৰ কৰিব দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ এই বৃহৎ পৰিৱৰ্তনৰ ভৱিষ্যৎ।





