NORTHEAST NOW (Assamese)
অসম

বিহাৰত নীতিশ কুমাৰৰ স্থলাভিষিক্ত হ’ল চি পি সিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2020 10:51 am

বিহাৰত নীতিশ কুমাৰৰ স্থলাভিষিক্ত হ’ল চি পি সিঙ।

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে জনতা দল য়ুনাইটেড(জে ডি য়ু)ৰ সভাপতি পদৰ পৰা আতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে দলটোৰ কাৰ্য্যনিৰ্বাহক সভাত বিহাৰৰ ৰাজ্যসভাৰ সাংসদ চি পি সিঙক জে ডি য়ুৰ নতুন সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়।

কাৰ্য্যনিৰ্বাহক সভাত নীতিশ কুমাৰে বিহাৰৰ মুখ্য মন্ত্ৰী পদ আৰু জে ডি য়ুৰ সভাপতি দুয়োটা পদৰ একেলগে দায়িত্বভাৰ গ্ৰহণ কৰা কঠিন হৈ পৰা বুলি উল্লেখ কৰি জে ডি য়ুৰ সভাপতি পদৰ এৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিহাৰৰ সদ্যসমাপ্ত নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বত জে ডি য়ুয়ে আশাজনক ফলাফল দাঙি ধৰাত সফল হোৱা নাছিল।

জে ডি য়ুৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত ভাল ফলাফল কৰাৰ বাবেহে পুনৰ নীতিশ কুমাৰ মুখ্য মন্ত্ৰী হিচাপে অধিস্থিত হ’বলৈ সক্ষম হ’ল।

জে ডি য়ুৰ কাৰ্য্যনিৰ্বাহক সভাত চি পি সিঙৰ সবল নেতৃত্বত জে ডি য়ু দলে নতুন গতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি নীতিশ কুমাৰ আশা ব্যক্ত কৰে।