NORTHEAST NOW (Assamese)
অসম

টীয়কৰ মুদৈজান কমলাবাৰী শাখা সত্ৰত গ্ৰন্থ উন্মোচন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 28, 2020 5:23 pm
IMG-20201226-WA0035

যোৰহাট জিলাৰ টীয়কৰ মুদৈজান কমলাবাৰী শাখা সত্ৰত ২৬  ডিচেম্বৰত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।

শাখা সত্ৰৰ সেউজ বাকৰিত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত টীয়কৰ প্ৰতিষ্ঠিত কবি, নিবন্ধকাৰ অৰূপজ্যোতি হাজৰিকাৰ গ্ৰন্থ ” ময়ো সু-নাগৰিক হব খোজো” আৰু গৌৰীসাগৰৰ কবি মিন্টু সাগৰ দাসৰ কাব্য গ্ৰন্থ “কেনে লাগে এই বাটত” শুভ উন্মোচন কৰে ক্ৰমে মুদৈজান শাখা সত্ৰৰ বুঢ়াভকত আৰু মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ ভূঞাই।

গ্ৰন্থ উন্মোচন কৰি দুয়োজন উন্মোচকে লেখকদ্বয়ৰ এই প্ৰয়াসক শলাগ লয় আৰু পাঠক সমাজে দুয়োখন আদৰি লব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন, চিকিৎসক মহানন্দ নেওগ, সমাজকৰ্মী প্ৰশান্ত কুমাৰ বৰুৱা, সাংবাদিক অৰুণ হাজৰিকা, সত্ৰীয়া শিল্পী মুকুন্দ কলিতা, কবি দেৱজিত গোস্বামী আৰু দেৱজিত হাজৰিকাৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানৰ আঁত ধৰে অৰূপজ্যোতি হাজৰিকাই।