NORTHEAST NOW (Assamese)
অসম

গিলগিট-বাল্টিস্তানত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচৰা পাকিস্তানৰ সিদ্ধান্তৰ বিৰোধিতা ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2020 1:36 pm
Imran_Khan

পাকিস্তানে বিবাদমান গিলগিট-বাল্টিস্তানত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচৰা বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতে।

ভাৰতে পাকিস্তানৰ শেহতীয়া সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি স্পষ্টভাৱে গিলগিট-বাল্টিস্তান প্ৰকৃততে ভাৰতৰ জম্মু-কাশ্মীৰৰ অংশ বুলি কয়।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগে এক বিবৃতিযোগে পাকিস্তানে গিলগিট-বাল্টিস্তানত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচৰা কাৰ্য্যৰ বিৰোধিতা কৰি পাকিস্তানে সমগ্ৰ অঞ্চলটো অবৈধভাৱে দখল কৰি থকা বুলি উল্লেখ কৰে।

ভাৰত চৰকাৰৰ তৰফৰ পৰা ‘গিলগিট-বাল্টিস্তান(নিৰ্বাচন আৰু কাৰ্য্যনিৰ্বাহক চৰকাৰ) সংশোধনী নিৰ্দেশ ২০২০’ক সম্পুৰ্ণৰূপে খাৰিজ কৰা বুলিও বৈদেশিক পৰিক্ৰমা বিভাগৰ বিবৃতিটোত উদ্ধৃত কৰা হয়।

আনহাতে, ভাৰতৰ তৰফৰ পৰা ইছলামাবাদক অবৈধভাৱে দখল কৰি থকা সকলো ভূমি মুক্ত কৰি দিবলৈয়ো দাবী জনায়।

উল্লেখযোগ্য যে, ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘসময়ৰ পৰা গিলগিট-বাল্টিস্তান আৰু জম্মু-কাশ্মীৰক লৈ বিবাদ চলি আছে।

পাকিস্তানে জম্মু-কাশ্মীৰৰ স্বাধীনতাৰ দাবী উত্থাপন কৰি  অহাৰ বিপৰীতে ভাৰতে গিলগিট-বাল্টিস্তানক পাকিস্তানে অবৈধভাৱে দখল কৰি থকা বুলি কৈ আহিছে।