NORTHEAST NOW (Assamese)
অসম

ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে টীয়কৰ পদ্মনাভে

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 29, 2020 2:37 pm

বহু প্ৰত্যাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত এক মিনিটত ২৬৯ টা পাঞ্চেৰে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে টীয়কৰ এজন উদীয়মান খৈলুৱৈ পদ্মনাভ বনিয়াই।

টীয়কৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰ পদ্মনাভে নিজৰ শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জৰিয়তে এই পৰ্য্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আজি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিশেষকৈ লকডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া অব্যৱহৃত সামগ্ৰীৰে নিজে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তত কৰি নিয়মীয়াকৈ ব্যায়ামৰ লগতে নিতৌ নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছিল আৰু তাৰে প্ৰতিফল হিচাপে আজি জীৱনৰ এটা সপোন নিচেই কম বয়সতে পুৰণ কৰিবলৈ সক্ষম হৈছে পদ্মনাভ।

পদ্মনাভৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে টীয়কৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান তথা ৰাইজ খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।