NORTHEAST NOW (Assamese)
অসম

আমিনুল ইছলাম এটা উদাহৰণ হে হাজাৰজন আমিনুল ইছলামৰ বিৰুদ্ধে শীঘ্ৰেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰক; অসম পাব্লিক ৱৰ্কছৰ দাবী

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 8, 2020 2:55 pm
APW Member

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে অসমতো  দিনক দিনে ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। এনে জটিল সন্ধিক্ষণত সম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্যৰ বাবে অসম আৰক্ষীয়ে বিতৰ্কিত বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম পাব্লিক ৱৰ্কছে অসম আৰক্ষীক  ধন্যবাদ জ্ঞাপন কৰে ৷

অসম প্লাৱিক ৱৰ্কছৰ সভাপতি অভিজ্যিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে।

“একমাত্ৰ বাংলাদেশীৰ ভোটৰ অংকৰে ক্ষমতাৰ স্বপ্ন দেখা আমিনুল ইছলামৰ দৰে ভণ্ড ৰাজনীতিক তথা অতি সাম্প্ৰদায়িকতাৰ লেতেৰা ৰাজনীতিকেই মূলধন কৰি দুবাৰকৈ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা আমিনুল ইছলামক উপযুক্ত তথ্য প্রমাণৰ ওপৰত ভিত্তি কৰি তাৎক্ষণিক ভাৱে গ্রেপ্তাৰ কৰি অসম আৰক্ষীয়ে যি দৃষ্টান্ত দেখুৱালে তাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো।  লগতে নিজামুদ্দিন মাৰ্কাজৰ পৰা মাৰাত্মক ক’ৰ’নাৰ বিজাণু কঢ়িয়াই আনি যিসকল লোকে বৰ্তমানো ধৰা দিয়া নাই সেইসকলৰো যথেষ্ট তথ্য এইজন ভণ্ড নেতাৰ হাতত থাকিব বুলি আমি সন্দেহ প্রকাশ কৰো।  এই আমিনুল ইছলাম এক উদাহৰণ হে মাত্ৰ,  এনেধৰণৰ হাজাৰজন সাম্প্ৰদায়িকতাৰ পাশাখেল খেলি অন্ধ বিশ্বাসৰ বজাৰ মেলা আমিনুল ইছলাম অসমত আছে। তথ্য প্ৰমাণ পালেই সেইসকলকো কাৰাগাৰলৈ নিক্ষেপ কৰাৰ দায়িত্ব অসম আৰক্ষীৰ । আমিনুল ইছলামক উপযুক্ত ধাৰাত কঠোৰ শাস্তি বিহিবলৈ দাবী জনালো,’’ অসম পাব্লিক ৱৰ্কছে নিজৰ প্ৰেছ বিবৃতিটোত এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলামে ক’ৰ’না ভাইৰাছ আৰু ৰাজ্যৰ কোৱাৰিণ্টাইন ব্যৱস্থা সম্বন্ধে ইছলাম ধৰ্মৰ লোকসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল।