NORTHEAST NOW (Assamese)
অসম

আশংকা আঁতৰিল! ছিডনীতেই হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 7:53 am

মহামাৰী ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে ক্ৰিকেট অষ্ট্ৰেলিয়াই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ছিৰিজৰ তৃতীয়খন টেষ্ট মেচ ছিডনীতে অনুষ্ঠিত হ’ব বুলি মঙলবাৰে নিশ্চিত কৰিছে।

অহা ৭ জানুৱাৰিৰৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব ছিৰিজৰ তৃতীয়খন টেষ্ট।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ ছিডনীৰ সীমান্তত বলৱৎ হৈ থকা বিধি-নিষেধৰ বাবে তৃতীয়খন টেষ্ট অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক প্ৰশ্ন চিহ্নই দেখা দিছিল।

সেয়ে এইখন টেষ্ট মেলবৰ্ণ বা ব্ৰীছবেনলৈ স্থানান্তৰিত কৰাৰ জল্পনা-কল্পনা চলি আছিল।

এনেধৰণৰ চৰ্চা অব্যাহত থকাৰ মাজতে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অন্তৰ্ৱতীকালীন মুখ্য কাৰ্যবাহী বিষয়া নিক হকলেই মঙলবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় ছিৰিজ সূচীমতেই অনুষ্ঠিত হ’ব বুলি জনায়।

ছিডনীত তৃতীয়খন টেষ্ট অনুষ্ঠিত হোৱাৰ বিপৰীতে ছিৰিজৰ চতুৰ্থ তথা অন্তিমখন টেষ্ট অহা ১৫ জানুৱাৰিৰ পৰা ব্ৰীছবেনত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অষ্ট্ৰেলিয়াত পৰম্পৰাগতভাৱে নতুন বছৰৰ প্ৰথমখন মেচ ছিডনীত অনুষ্ঠিত হয়। সেয়ে এই নিয়ম যাতে ভংগ নহয় তাৰ বাবে ছিডনীতেই মেচখন অনুষ্ঠিত হোৱাতো বিচাৰি আছিল নিক হকলেই তথা আন আন বিষয়াসকলে।