NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ জুকো ভেলীত ভয়াবহ অগ্নিকাণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 8:23 am

নাগালেণ্ডৰ কোহিমা জিলাত থকা জুকো ভেলীত মঙলবাৰে বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, প্ৰচণ্ড অগ্নিকুণ্ডই জুকো ভেলীৰ ভিউ পইণ্ট সম্পুৰ্ণৰূপে ধ্বংস কৰি পেলাইছে।

নাগালেণ্ডৰ জুকো ভেলীৰ সুন্দৰ প্ৰাকৃতিক পৰিবেশ, বতৰৰ ফুল আৰু বিভিন্ন প্ৰজাতিৰ প্ৰাকৃতিক উপদানে পৰ্যটক সকলক আকৰ্ষিত কৰি আহিছে।

নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত অৱস্থিত জুকো ভেলীলৈ প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকৰ সমাগম ঘটে।

জুকো ভেলীত সংঘটিত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নায়।

নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জুকো ভেলীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বিষয়ে প্ৰথমে সদৰী কৰে।

নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ভাৰতীয় বায়ু সেনা বাহিনীক ইতিমধ্যে জুই নিয়ন্ত্ৰণৰ বাবে অনুৰোধ কৰিছে বুলি জানিব পৰা গৈছে।

জুকো ভেলী সংৰক্ষণৰ দায়িত্বত থকা চাউথ আংগামি য়ুথ এছ’চিয়েশ্যনে বুধবাৰে অগ্নিকাণ্ড সংঘটিত হোৱা জুকো ভেলীৰ স্থান সমূহ পৰিদৰ্শন কৰি ইয়াৰ ওপৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াব বুলি উল্লেখ কৰিছে।

ইয়াৰ পূৰ্বেও, ২০১৮ চনত জুকো ভেলীত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডই জুকো ভেলীৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।