NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ সৈতে সংঘাত চীনৰ বাবে ভাল নহয়; ভাৰতীয় বায়ু সেনা প্ৰধানৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 9:01 am

ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰধান আৰ কে এছ ভাদুৰিয়াই মঙলবাৰে ভাৰত আৰু চীনৰ মাজত সংঘাত সম্পৰ্কে মত ব্যক্ত কৰিছে।

ভাৰত আৰু চীনৰ মাজৰ যুদ্ধৰ সম্ভাৱনাৰ বিষয়ে সদৰী কৰি ভাদুৰিয়াই কয় যে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ সৈতে সংঘাতৰ সৃষ্টি হোৱাটো চীনৰ বাবে ভাল নহয়।

‘‘যদিহে চীনৰ লক্ষ্য বিশ্বজনীন তেন্তে সীমা বিবাদ তেওঁলোকৰ মূল পৰিকল্পনাৰ বাহিৰত থাকিব লাগে আৰু তেওঁলোকে সীমা বিবাদৰ বিতৰ্ক আৰু ইয়াৰ প্ৰত্যুত্তৰৰ বিষয়েও অৱগত হৈ থাকিব লাগে,’’ ভাৰতীয় বায়ু সেনা প্ৰধান গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত লাডাখ সীমান্তত সৃষ্টি হোৱা তীব্ৰ সীমা বিবাদৰ সময়ত ভাৰতীয় বায়ু সেনা বাহিনীয়ে যিকোনো ধৰণৰ প্ৰত্যাহ্বান প্ৰতিৰোধৰ বাবে সম্পুৰ্ণ সাজু বুলি বায়ু সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে কৈছিল।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে লাডাখ সীমান্তত পহৰাৰ বাবে ছুখয়-৩০ এ কে আই, ৰাফেল আৰু মিগ-২৯ ফাইটাৰ জেট ব্যৱহাৰ কৰিছিল।