NORTHEAST NOW (Assamese)
অসম

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শিবু ছোৰেণ আৰু পত্নী ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 11:37 am

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শিবু ছোৰেণ আৰু তেওঁ পত্নীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ৰাজ্যখনৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী তথা শিবু ছোৰেণৰ পুত্ৰ হেমন্ত ছোৰেণে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

”মোৰ পিতৃ আৰু মাতৃ দুয়োগৰাকী ক’ৰ’না প’জিটিভ হৈছে আৰু বৰ্তমান সময়ত দুয়ো হোম আইছোলেশ্যনত আছে,” হেমন্ত ছোৰেণে লিখে।

আনহাতে, দেশৰ জনসাধাৰণ আৰু ঝাৰখণ্ডৰ লোকৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনাত দুয়োগৰাকী সোনকালে আৰোগ্য হৈ উঠিব বুলিও মুখ্য মন্ত্ৰী হেমন্ত ছোৰেণে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা দেশৰ বহু শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক সংক্ৰমিত হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং ছেখাৱত, মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী য়েডুৰাপ্পা, দিল্লীৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ো ক’ৰ’না আক্ৰান্ত হৈছিল।