NORTHEAST NOW (Assamese)
অসম

তিনিগৰাকী প্ৰাক্তন প্ৰেমিকাৰ সৈতে জন্মদিন উদযাপন দাবাং খান চলমানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2019 9:31 am
Salman-Khan-celebrates-54th-birthday

শুকুৰবাৰে নিজৰ ৫৪ সংখ্যক জন্মদিন উদযাপন কৰিলে বলীউদৰ হাৰ্টথ্ৰব অভিনেতা চলমান খানে। কিন্তু দাবং খানৰ এইবাৰ জন্মদিনত উপস্থিত থাকিল তিনিগৰাকী বিশেষ অতিথি।

প্ৰেমৰ পৃথিৱীত সাহসী যোদ্ধা দাবং খানৰ এইবাৰৰ জন্মদিনত নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকিল তেওঁৰ তিনিগৰাকীকৈ প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাইফ, স্নেহা উলাল আৰু ইউলিয়া ভান্তুৰ।

চলমানে অতি আনন্দেৰে তেওঁলোকৰ সৈতে জন্মদিন চেলিব্ৰেট কৰিলে। অৱশ্যেই চলমানৰ এনে সাহসক পৰি নমস্কাৰ জনাইছে তেওঁৰ অনুৰাগীসকলে।

আনহাতে তিনিগৰাকী  প্ৰাক্তন প্ৰেমিকাই নহয়, চলমানৰ জন্মদিনত বলীউদৰ ললনাৰ লানি লাগিল।

নিমন্ত্ৰণ ৰক্ষা কৰি পাৰ্টিত উপস্থিত থাকিল সোণাক্ষী সিনহা, টাবু, বিদ্যা বালান, জেকুলিনকে ধৰি আন বহুতো।

শুকুৰবাৰৰ জন্মদিনৰ পাৰ্টিৰ বাবে বৃহস্পতিবাৰে নিশা ১২ বজাতেই মুম্বাইত ভাতৃ চোহেইল খানৰ বাংলোত জন্মদিনৰ পাৰ্টিত উপস্থিত হয় বলীউদৰ তাৰকাসকল।

salman-inside-pictures-of-birthday-katrina-51577430866
চলমানৰ জন্মদিনৰ পাৰ্টিত জেকুলিন আৰু কেটৰিনা।

 

বলীউদ সুন্দৰীসকলৰ উপস্থিতি আছিল বিশেষ আকৰ্ষণ। কেক কটাৰ পৰা খোৱা বোৱালৈকে সকলো এক আনন্দৰ মাজেৰে পাৰ হয়।

লেডাৰ জেকেট, ষ্টাইলিছ জীনছ পৰিধান কৰা দাবাং খানে কেটৰিনা কাইফ, ইউলিয়াৰ কঁকালত হাত থৈ বাহিৰত ৰৈ থকা অনুৰাগীসকললৈ হাত জোকাৰি  বাংলোৰ ভিতৰত প্ৰৱেশ কৰে।

চলমানে নিজেই কেক কাটি খুৱাই দিয়ে সোণাক্ষীক। প্ৰাক্তন প্ৰেমিক, পূৰ্বৰ মনৰ মানুহজনক আকৌ এবাৰ  ঘনিষ্ঠভাৱে কাষত পাই উৎফুল্লিত হৈ পৰে কেটৰিনা, স্নেহা, ইউলিয়া।

স্বাভাৱিকতেই কোনো কিমান নিকট সান্নিধ্য ৰক্ষা কৰি চলমানৰ সৈতে ফটো উঠিব পাৰে তাক লৈয়েই যেন তৎপৰ হৈ পৰিল সুন্দৰীগণ।