NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2021 6:55 am
tarun-gogoi-1200x600-750x375

কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰয়াত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান আগবঢ়াইছে।

একেৰাহে তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা অসমৰ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৱা বৰ্ষৰ ২৩ নৱেম্বৰত ৮৫বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

প্ৰসিদ্ধ ৰাজনীতিকগৰাকী অসমৰ আটাইতকৈ দীৰ্ঘকালীন সময়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ ২০০১চনৰ পৰা ২০১৬চনলৈকে তিনিবাৰ কংগ্ৰেছ চৰকাৰৰ নেতৃত্ব দিছিল।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে লগতে অসমৰ আন ৮গৰাকী বিশিষ্ট ব্যক্তিলৈ এইবছৰৰ পদ্মশ্ৰী সন্মান আগবঢ়াইছে।

সমাজসেৱাৰ বাবে লখিমী বৰুৱা আৰু বিৰুবালা ৰাভা, কলা-সংস্কৃতিৰ বাবে গোপীৰাম বৰগায়ন বুঢ়াভকত আৰু দুলাল মানকি, ৰাজহুৱা সেৱাৰ বাবে বিজয়া চক্ৰৱৰ্তী, সাহিত্য আৰু শিক্ষাৰ বাবে ইমৰান শ্বাহ আৰু মংগল সিং হাজোৱাৰী, সাহিত্য আৰু শিক্ষা-সাংবাদিকতাৰ বাবে ৰমন শৰ্মাক পদ্মশ্ৰী সন্মান আগবঢ়াইছে।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দেশৰ পদ্ম সন্মান প্ৰাপক সকল আৰু তেওঁলোকৰ পৰিয়ালক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জনাইছে।

এক বিজ্ঞপ্তি যোগে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে দেশৰ মৰ্যাদাপূৰ্ণ অসামৰিক সন্মান লাভ কৰা ৰাজ্যৰ সু-সন্তান সকলে অসম মাতৃক গৌৰৱাম্বিত কৰিলে।

তেওঁ কয় যে সমাজৰ সৰ্বাঙ্গীন উন্নয়ন আৰু হিতৰ হকে আগবঢ়োৱা সেৱাৰ বাবে তেখেতসকলে লাভ কৰা সন্মানে উঠি অহা প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিব।