NORTHEAST NOW (Assamese)
অসম

মাইবাঙত বীৰ ডিমালিক কেম্প্ৰাইৰ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  

Posted by: পংকজ কুমাৰ দেব March 16, 2018 1:17 pm
20180316_120500

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাইবাঙত উপস্থিত হৈ ডিমাচা বীৰ ডিমালিক কেম্প্ৰাইৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

মুখ্যমন্ত্ৰীৰ লগত অনুষ্ঠানটোত উপস্থিত থাকে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ আৰু পৰিষদৰ চিইএম দেবলাল গাৰ্লোচা।

মুখ্যমন্ত্ৰী সোনোৱালে তেওঁৰ ভাষণত কয় যে ডিমালিকৰ নিচিনা বীৰৰ আদৰ্শই নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।

উল্লেখ্য যে আজিৰ অনুষ্ঠানত বীৰ ডিমালিকৰ প্ৰতিমূৰ্তিৰ ৰক্ষণাবেক্ষণৰ লগতে লাইট এণ্ড ছাউণ্ডৰ কাৰনে ১৫ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

20180316_120416প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অল কেম্প্ৰাই ৱেলফেয়াৰ কমিটিৰ উদ্যোগত বীৰ ডিমালিক কেম্প্ৰাইৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়।

অনুষ্ঠানটোত স্থানীয় লোকৰ লগতে বহু বিশিষ্ট লোকে অংশ্ৰগ্ৰহণ কৰে।