NORTHEAST NOW (Assamese)
অসম

ৰে’লৰ গোপন কক্ষত উদ্ধাৰ ১ কুইণ্টল ১২ কিলোগ্ৰাম গাঞ্জা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 25, 2022 12:22 pm
ganja recovered in train

ৰে’লৰ গোপন কক্ষৰ যোগেদি চলিছে গাঞ্জাৰ অবাধ সৰবৰাহ। যোৱা নিশা চাপৰমুখ ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযানত জব্দ হৈছে ১ কুইণ্টল ১২ কিলোগ্ৰাম গাঞ্জা।

ৰে’লৰ পানী টেংকিৰ ভিতৰত লুকুৱাই অনা অৱস্থাত গাঞ্জাখিনি ধৰা পেলায় আৰক্ষীয়ে।

জব্দকৃত গাঞ্জাখিনিৰ মূল্য ৩ ৰ পৰা ৪ কোটিৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে। ত্ৰিপুৰাৰ পৰা মধ্যপ্ৰদেশ অভিমুখী ৰাণী কমলাৱতী আগৰতলা এক্সপ্ৰেছত গাঞ্জাখিনি জব্দ কৰা হৈছে।

জানিব পৰা মতে ত্ৰিপুৰাৰ পৰা কেইবাগৰাকীও গাঞ্জা মাফিয়াই ৰাণী কমলাপতি এক্সপ্ৰেছেৰে এই বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।

কিন্তু হোজাইত আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই ৰে’লখনৰ পৰা বহু সংখ্যক গাঞ্জা পেকেটসহ চাৰিটা গাঞ্জা মাফিয়াক আটক কৰে।

আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।