NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

য়েমেন বিদ্ৰোহীয়ে বন্দী কৰা সাত ভাৰতীয় নাবিকক মুকলি কৰিলে ওমানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2022 11:36 am
Indian Sailors Captured By Yemen Rebels Released

৭ ভাৰতীয় নাবিকসহ ১৪ গৰাকী বিদেশী বন্দী ব্যক্তিক দেওবাৰে ওমানৰ হুথি নিয়ন্ত্ৰিত ইয়েমেনী ৰাজধানী ছানাৰ পৰা মুকলি কৰি দিয়া হৈছে।ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ আলবুচাইদীয়ে এই কথা সদৰি কৰিছে।

উল্লেখ্য যে ভাৰতীয় নাবিকসহ বিভিন্ন দেশৰ ১৪ গৰাকী ব্যক্তিক য়েমেনৰ হুথি বিদ্ৰোহীসকলে তিনি মাহৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাযুক্ত ব্যৱসায়িক জাহাজ এখন জব্দ কৰাৰ পিছত বন্দী কৰি ৰাখিছিল।

এক বিবৃতি যোগে ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ আলবুচাইদীয়ে ভাৰতীয়সহ ১৪ জন লোকৰ মুক্তি নিশ্চিত কৰিছে।

মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে মুক্ত হোৱা লোকসকল এতিয়া ওমান চৰকাৰৰ দায়িত্বত আছে।

ওমানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত মুক্তিপ্ৰাপ্ত ১৪ জন লোকক ওমান ৰয়েল এয়াৰ ফৰ্চৰ এখন বিমানত মাস্কটলৈ লৈ যোৱা হৈছে বুলি প্ৰকাশ কৰিছে।

আলবুচাইদিৰ টুইটৰ সঁহাৰি দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিষয়টোত ওমানৰ সহায়ৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।