NORTHEAST NOW (Assamese)
Popular Stories

‘MSP’ সুনিশ্চিত কৰিব নোৱাৰিলে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিজেপিৰ এইগৰাকী মুখ্য মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2021 11:37 am

যদিহে কৃষকসকলক নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ৰ গেৰাণ্টি সুনিশ্চিত কৰিব নোৱাৰে তেন্তে ৰাজনীতিৰ পৰা অৱসৰ ল’ব হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰে।

উল্লেখ্য যে বিজেপিৰ নেতা তথা মুখ্য মন্ত্ৰী খট্টৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰোধিতা কৰি থকা কৃষক সকলৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে।

শাসনাধিষ্ঠ দলে হাৰিয়ানাত অলপতে অনুষ্ঠিত হৈ যোৱা ৫খন নগৰ নিকায়ৰ নিৰ্বাচনৰ তিনিখনত পৰাস্ত হোৱাৰ পিছতেই মুখ্য মন্ত্ৰীয়ে কৰা এই মন্তব্যটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি হাৰিয়ানাৰ মুখ্য মন্ত্ৰী গৰাকী এম এছ পি বাহাল ৰখাৰ পক্ষত আছে আৰু এই ব্যৱস্থাটো সমাপ্ত কৰাৰ প্ৰয়াস কৰিলে ৰাজনীতিৰ পৰা অৱসৰ ল’ব বুলি ৩১ ডিচেম্বৰৰ দিনা মন্তব্য কৰে।

উল্লেখ্য যে ডিচেম্বৰ মাহত হাৰিয়ানৰ উপ-মুখ্য মন্ত্ৰী দুষ্যন্ত চোটালাইও এই ধৰণৰ মন্তব্য আগবঢ়াইছিল। তেওঁ কৈছিল যে, এম এছ পি সুনিশ্চিত কৰাত অসফল হোৱাৰ দিনাই মই উপ-মুখ্য মন্ত্ৰীৰ আসন এৰি দিম।