NORTHEAST NOW (Assamese)
Popular Stories

বন্দে ভাৰত এক্সপ্ৰেছলৈ শিল দলিওৱাৰ বাবে ভাঙিল গ্লাছ! উদ্ভণ্ডালি কৰি আটক যুৱক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 9, 2024 1:03 pm

বন্দে ভাৰত এক্সপ্ৰেছ ৰেলত শিলগুটি নিক্ষেপ কৰাৰ আন এক অভিযোগ উত্থাপন হৈছে।যাৰ ফলত ট্ৰেইনৰ এখন খিৰিকীৰ কাঁচ শিলে ভাঙি পেলায়। বৰ্তমান যাত্ৰীসকল সুৰক্ষিত। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ২২ বছৰীয়া যুৱকক।

বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা উত্তৰাখণ্ডৰ ডেৰাডুনলৈ গৈ আছিল বন্দে ভাৰত এক্সপ্ৰেছ। ডেৰাডুনৰ পূৰ্বে খৰঞ্জা কুতুবপুৰ গাঁৱৰ ওপৰেৰে পাৰ হৈ যোৱা ট্ৰেইনখনত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। চি-৬ কোঠাৰ খিৰিকী এখনত শিলে খুন্দা মাৰিলে। খিৰিকীৰ গ্লাছত এটা ডাঙৰ ফাট মেলিলে। শিলে গ্লাছ ভাঙি ভিতৰলৈ সোমাই গ’লে যাত্ৰীসকল আহত হ’ব পাৰিলেহেঁতেন। এই ঘটনাৰ পাছতে চালকজনে মোৰাদাবাদৰ কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ কৰে। তাত শিলগুটি নিক্ষেপ কৰাৰ খবৰ পোৱা গৈছিল। ৰেল আৰক্ষীয়েও তাৰ পৰাই তথ্য লাভ কৰে।

এই তথ্য লাভ কৰি ৰে’ল আৰক্ষীৰ এটা দলে খৰঞ্জা কুতুবপুৰ গাঁৱত উপস্থিত হয়। তাত তালাচী চলাই গ্ৰেপ্তাৰ হয় এজন ২২ বছৰীয়া যুৱকক। সন্দেহজনক লোকজনৰ নাম ছলমান। বন্দে ভাৰত ৰে’লত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ৰে’ল আৰক্ষী পৰিদৰ্শক ৰবি কুমাৰ ছিৱাচে কয় যে অভিযুক্তৰ বিৰুদ্ধে ৰে’ল আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। কিয় ৰেলখনত শিলগুটি নিক্ষেপ কৰিলে, আগতেও এই কাম কৰিছিল নে নাই, এই কাণ্ডৰ লগত আন কোনোবা জড়িত আছিল নে নাই তদন্ত চলি আছে।