NORTHEAST NOW (Assamese)
অসম

উমানন্দ ঘাটত উদ্ধাৰ হিন্দুৰ দেৱ-দেৱীৰ বৃহৎ সংখ্যক মূৰ্তি; পানীত ভাঁহি উঠিল ভগৱানৰ মূৰ্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 30, 2019 4:17 pm
idols of Hindu's deities

মহানগৰীৰ উজান বজাৰৰ উমানন্দ ঘাটত আজি বৃহৎ সংখ্যক ভগৱানৰ মূৰ্তি উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আজি দুপৰীয়া প্ৰায় ১ বজাত এজন লোকে ঘাটটোত গা ধুবলৈ যাওঁতে এই মূৰ্তিসমূহ দেখা পায় আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।

জানিব পৰা মতে, আৰক্ষী উপস্থিত হৈ এছ ডি আৰ এফৰ সহায়ত এতিয়ালৈকে ৪০টা মূৰ্তি উদ্ধাৰ কৰিছে।

এই পৰ্য্যন্ত পোৱা প্ৰায়বোৰ মূৰ্তিয়ে পিতল আৰু মাৰ্বলৰ, আৰক্ষীৰ সূত্ৰই কয়।

এতিয়ালৈকে পোৱাবোৰৰ ভিতৰত হিন্দুসকলৰ বিভিন্ন দেৱ-দেৱী, যেনে- কৃষ্ণ, গণেশ, লক্ষ্মী, নাৰায়ণ, সৰস্বতী, কালী আদিৰ মূৰ্তি আছে।

ভগৱানৰ মূৰ্তিৰ উপৰি চাৰিপাট ত্ৰিশূলো আৰু লক্ষ্মীৰ নাম খোদিত তিনিখন ফলক উদ্ধাৰ হৈছে। আৰক্ষীৰ সন্দেহ, এইবোৰ চুৰ কৰি আনি গোটাই থোৱা মূৰ্তি।

উদ্ধাৰ কৰা মূৰ্তিবোৰ বৰ্তমান আনি লতাশিল থানাত ৰখা হৈছে।

ইপিনে, সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে বেলতলাৰ নীৰেন্দ্ৰ কুমাৰ শীল নামৰ লোকজনে লতাশিল থানাত উপস্থিত হৈ তেওঁৰ চুৰি হোৱা গণেশৰ মূৰ্তিটো বিচাৰেহি।

উদ্ধাৰ হোৱা গণেশৰ মূৰ্তিটো তেওঁৰ মন্দিৰৰ পৰা চুৰি হোৱাটো বুলি তেওঁ দাবী কৰে। তেওঁ কয় যে ১৮ অক্টোবৰত তেওঁৰ মন্দিৰৰ পৰা সোণৰ নেকলেচসহ গণেশৰ মূৰ্তি, লক্ষ্মী-নাৰায়ণৰ মূৰ্তি আৰু দানপাত্ৰ চুৰি হৈছিল। দিচপুৰ থানাত তেওঁ গোচৰো দিছিল।