NORTHEAST NOW (Assamese)
Popular Stories

গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰা মুকলি আকাশৰ তললৈ বাক্সাৰ দুই বৃদ্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2019 8:42 pm
গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰা মুকলি আকাশৰ তললৈ বাক্সাৰ দুই বৃদ্ধ

যোৱা ২২ ডিচেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰামলীলা ময়দানত “হিন্দুস্তানত কোনো ডিটেনশ্যন কেম্প নাই” বুলি কোৱাৰ সময়তে আজি গোৱালপাৰাৰ ডিটেনশ্যন কেম্পে মুকলি কৰি দিয়ে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ বগৰিখুটিৰ দুই বৃদ্ধক।

চাৰি বছৰৰো অধিক কাল ডিটেশ্যন কেম্পত আবদ্ধ হৈ আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হোৱা দুই বৃদ্ধক ফণী ৰয় আৰু সুভাষ ৰয় বুলি চিনাক্ত কৰা হৈছে।

নৱবৰ্ষৰ প্ৰাকক্ষণত আজি দুই বৃদ্ধই নিজৰ নিজৰ ঘৰলৈ ওভতাৰ পিছতে পৰিয়াল তথা আত্মীয়ৰ লগতে স্থানীয় দল-সংগঠনসমূহো উৎফুল্লিত হৈ পৰিছে।

উল্লেখযোগ্য যে দুই গৰাকী বৃদ্ধই প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ লগতে তেওঁলোকৰ হাতত উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো গোৱালপাৰা ডিটেনশ্যন কেম্পত চাৰি বছৰতকৈও অধিক সময় থাকিব লগীয়া হয়।

আনহাতে দুই বৃদ্ধক বিদেশী ঘোষিত কৰি ডিটেনশ্যন কেম্পত ৰখাৰ পিছতে স্থানীয় দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি ধাৰাবাহিক আন্দোলন কৰিছিল। লগতে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক খগেন দাসেও এই ক্ষেত্ৰত মাত মাতি আহিছিল।

স্থানীয় একাংশ লোকে প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ লগতে নথি-পত্ৰ থকাৰ পিছতো সীমান্ত শাখাৰ একাংশ বিষয়াৰ দায়িত্বহীনতাৰ বাবেই বৰ্তমানো বহু লোকে বিদেশীৰ অপযশ লৈ ডিটেনশ্যন কেম্পত থকা বুলি অভিযোগ উত্থাপন কৰিছে।