NORTHEAST NOW (Assamese)
অসম

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত হ’ল কেইবাটাও বাসগৃহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2022 5:57 pm
WhatsApp Image 2022-03-25 at 5.22.50 PM

শুকুৰবাৰে গুৱাহাটীৰ পাটৰকুছিত ঘটা এক বিধ্বংসী অগ্নিকাণ্ডত কমেও ১৫ টা বাসগৃহ জ্বলি ভস্মীভূত হয়।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, ৰাতিপুৱা এজন ভাড়াতীয়াই পাকঘৰত ৰান্ধি থকা অৱস্থাতে জুই লাগে।

অগ্নিকাণ্ড ঘটা নবীন চন্দ্ৰ বৰা নামৰ ব্যক্তিজনৰ চৌহদত কেইবাটাও ঘৰ ভাড়ালৈ দিয়া হৈছিল। এটা ঘৰৰ পৰা আৰম্ভ হোৱা জুই পিছত কেইবাটাও ঘৰলৈ বিয়পি পৰে।

অগ্নিনিৰ্বাপক বাহিনী তথা জৰুৰীকালীন সেৱাৰ বিষয়াসকলে কয় যে অগ্নিকাণ্ডটোৰ ফলত কমেও ১০-১৫টা ঘৰ ছাই হৈ গৈছে যদিও গুৰুতৰভাৱে কোনো লোক আহত হোৱা নাই। দুজন ব্যক্তি সামান্য পৰিমানে আঘাত প্ৰাপ্ত হৈছে।

লগতে পঢ়ক: ব্যতিক্ৰম! বৃক্ষৰ তলত ছাত্ৰ-ছাত্ৰী,পাঠকৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ মুকলি পুথিভঁৰাল

অগ্নিকাণ্ডটোৰ ফলত কেইবা লাখ টকা মূল্যৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি অনুমান কৰা হৈছে।

এজন স্থানীয় লোকে কয় যে অগ্নিনিৰ্বাপক গাড়ীবোৰ সময়মতে আহিছিল যদিও জুই লগা স্থানলৈ যোৱা ৰাস্তাৰ প্ৰৱেশ পথত আৱদ্ধ হৈ পৰিছিল।