NORTHEAST NOW (Assamese)
অসম

শীতত কঁপি থকা দৰিদ্ৰজনৰ কাষত নিৰাপত্তাৰ উমলৈ হাজিৰ তেজপুৰৰ এজাক কলেজীয়া শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2021 5:11 pm
whatsapp-image-2021-

যিটো সময়ত  সমাজত মানৱতাৰ অৱক্ষয় ঘটিছে, স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিকতাই সমাজ চানি ধৰিছে, সেই সময়তে তেজপুৰৰ এজাক কলেজীয়া শিক্ষাৰ্থীয়ে মানৱতাৰ ধ্বজাখন উৰুৱাই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

তেজপুৰৰ এইজাক কলেজীয়া শিক্ষাৰ্থীয়ে দৰিদ্ৰ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে গঢ়ি তুলিছে এক সুৰ বাহিনী।

যি সুৰ বাহিনীয়ে ৰাজহুৱা স্থানত সুমধুৰ সংগীত পৰিবেশন কৰি ৰাইজৰ পৰা সংগ্ৰহ কৰিছে ধনৰ লগতে কাপোৰ-কানি আদি।

শীতত কঁপি থকা দৰিদ্ৰ লোকসকলক শীতৰ বস্ত্ৰ যোগান ধৰাৰ বাবেই এই জাক যুৱক-যুৱতীয়ে হাতত গীটাৰলৈ ওলাই আহিছে সমাজৰ মাজলৈ।

Narendra-Kumar

২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ লগতে এৰি থৈ অহা বছৰটোৰ ৩১ ডিচেম্বৰৰ দিনা তেজপুৰৰ গণেশ ঘাটত এইজাক যুৱক-যুৱতীয়ে সংগীত পৰিবেশন কৰি দৰিদ্ৰ জনৰ দুখৰ সৈতে সাধাৰণ জনতাকো একাত্ম কৰাৰ প্ৰয়াস চলায়।

গ্ৰুভ ফৰ চেৰিটি শীৰ্ষক অনুষ্ঠানেৰে যুৱক-যুৱতীৰ দলটোৱে সকলোৰে মন মুহি নিবলৈ সক্ষম হৈছে।

দলটোৱে  কালি আৰু আজিৰ দিনটোতে ৰাইজৰ পৰা কেইবাহাজৰ নগদ ধন সংগ্ৰহ কৰাৰ লগতে দৰিদ্ৰ জনক প্ৰদান কৰিব পৰাকৈ গৰম কাপোৰ আদি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

তেজপুৰ কলেজ, দৰং কলেজ আদিৰ লগতে শোণিতপুৰ জিলাৰ কেইবাখনো কলেজৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত গঢ়লৈ উঠা এই মিউজিক বেণ্ডটোৰ সমাজহিতৈষী কামলৈ  সকলো স্তৰৰ লোকে অকুণ্ঠ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে।

ঘূণে ধৰা সমাজ খনত এনে ভাল কাম বোৰে বছৰৰ প্ৰথমটো দিনতে বহুতৰে মন ভৰাই তুলিছে।