NORTHEAST NOW (Assamese)
অসম

ইজৰাইলত কাৰাবন্দী হৈ থকা পেলেষ্টাইনী লেখক-অধিকাৰ কৰ্মী ৱালিদ ডাক্কাৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2024 10:36 am

ইজৰাইলত কাৰাবন্দী হৈ থকা পেলেষ্টাইনী লেখক তথা অধিকাৰ কৰ্মী ৱালিদ ডাক্কাৰ মৃত্যু ঘটিছে। তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। ইজৰাইলৰ ছামিৰ মেডিকেল চেণ্টাৰত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।

বাতৰি মতে, ডাক্কা ইজৰাইলৰ পেলেষ্টাইনী অধ্যুষিত বাকা আল-ঘৰবিয়া চহৰৰ বাসিন্দা । তেওঁ ৩৮ বছৰ ইজৰাইলৰ কাৰাগাৰত কটাইছে।

পেলেষ্টাইন আয়োগে কয় যে ডাক্কাৰ মৃত্যু “লাহে লাহে হত্যা”ৰ নীতিৰ বাবে হৈছে। ইজৰাইলৰ কাৰাগাৰ কৰ্তৃপক্ষই কয়দীৰ বিৰুদ্ধে ‘লাহে লাহে হত্যা’ নীতি ব্যৱহাৰ কৰে।

লগতে পঢ়কঃ নিৰ্বাচনী যুদ্ধ! দুলীয়াজানত বিশাল ৰোড শ্ব’ৰ নেতৃত্ব দিলে আপ নেত্ৰী আতিশী মাৰ্লেনাই

পেলেষ্টাইনৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা ৱাফাৰ এক প্ৰতিবেদনত ডাক্কাক “মুক্তি সংগ্ৰামী” বুলি উল্লেখ কৰা হৈছে। এক বিবৃতিত পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠন হামাছে ইজৰাইলৰ কাৰাগাৰত ডাক্কাৰ কেনেকৈ মৃত্যু হ’ল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

ইপিনে, দেশখনৰ উগ্ৰ সোঁপন্থী ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ই তামাৰ বেইট গনিৰে ইজৰাইলৰ কাৰাগাৰৰ কাম-কাজ চোৱাচিতা কৰে। ডাক্কাক সন্ত্ৰাসবাদী বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যক্তিজনৰ মৃত্যুৰ বাবে ইজৰাইলৰ কোনো আক্ষেপ নাই। বেট গনিৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত কয় যে, ‘প্ৰাকৃতিক কাৰণত ডাক্কাৰ মৃত্যু হৈছে। ই সন্ত্ৰাসবাদীৰ মৃত্যুদণ্ডৰ প্ৰক্ৰিয়াৰ অংশ নহয়।‘

ডাক্কা দীৰ্ঘদিন ধৰি ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ আছিল। ১৯৮৬ চনত ইজৰাইলী সৈনিকক হত্যা কৰাৰ অপৰাধত ইজৰাইল চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰে। তেতিয়াৰ পৰাই তেওঁ কাৰাগাৰত বন্দী হৈ আছে। ডাক্কাই জেলত থকাৰ সময়তে কেইবাখনো কিতাপ লিখিছিল, য’ত শিশুৰ বিষয়ে লিখা এখন কিতাপও আছে।

১৯৯৯ চনত কাৰাগাৰত থকাৰ সময়তে ডাক্কা বিবাহপাশত আবদ্ধ হয়। ২০২০ চনত তেওঁৰ পত্নী ছানা চালামে এগৰাকী কন্যা সন্তান জন্ম দিয়ে। ডাক্কাৰ শুক্ৰাণু কাৰাগাৰৰ পৰা গোপনে স্থানান্তৰৰ পিছত গৰ্ভৱতী হৈছিল ছানা চালামেহ। তেওঁলোকৰ সন্তানৰ নাম মিলাদ।