NORTHEAST NOW (Assamese)
অসম

বছৰৰ পহিলা দিনটোতে তামুলপুৰৰ বেলবাৰীস্থিত জগন্নাথ থানত চোৰে চলালে লুটপাত

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক January 1, 2021 5:43 pm
whatsapp-image-2021-

বাক্সা জিলাৰ তামুলপুৰত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ।

আজি পহিলা জানুৱাৰীৰ দিনা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰ বেলবাৰীস্থিত জগন্নাথ থানত চোৰে চলালে লুটপাত।

থান খনৰ দুৱাৰৰ তলা ভাঙি চোৰে লুটিলে ভক্তপ্ৰাণ ৰাইজে দান দিয়া সোণ-ৰূপৰ সামগ্ৰী।

লুটি নিলে মূল্যবান কাহ-পিতলৰ বাচন-বর্তন আৰু অন্যান্য মূল্যবান সামগ্ৰী।

চোৰে লুটি নিয়া সামগ্ৰীৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি ধাৰণা কৰা হৈছে। এই চুৰি কাণ্ডকলৈ সৃষ্টি হৈছে তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়া।

কিছুদিন পূৰ্বে তামুলপুৰত কেইবাটাও চুৰি কাৰ্য সংঘটিত হৈছিল।

ইমানৰ পিছতো অৱশ্যে চোৰক আটক কৰাৰ ক্ষেত্ৰত স্থানীয় আৰক্ষী সফল হ’ব পৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে। থান খনত চোৰে লুটপাত চলোৱাৰ  ঘটনাত মৰ্মাহত হৈ পৰিছে স্থানীয় ৰাইজ।