NORTHEAST NOW (Assamese)
অসম

নৱবৰ্ষত প্ৰাণ পাই উঠিছে পাহাৰৰ নান্দনিক পৰিবেশৰ মাজত অৱস্থিত মৰিয়নীৰ চ্যুকাফা পৰ্যটন ক্ষেত্ৰই

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 2, 2021 3:58 pm
Screenshot_202

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই  ৰাজ্যৰ আন আন পয্যটন ক্ষেত্ৰৰ সমান্তৰালভাৱে যোৰহাট জিলাৰ মৰিয়নীৰ চ্যুকাফা বনভোজ স্থলীয়েও প্ৰাণ পাই উঠিছে।

এই অঞ্চলত এতিয়া বনভোজকাৰীৰ  দলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে৷

এক দীঘলীয়া পৰিক্ৰমাৰ বন্ধ ,কা, ল’ক ডাউনৰ অন্তত সকলোৱে নতুন বছৰৰ আৰম্ভণিতে আনন্দ ফুৰ্তিৰ বাবে মৰিয়নীৰ চ্যুকাফা পয্যটন ক্ষেত্ৰৰ পাহাৰৰ নান্দনিক পৰিবেশৰ মাজলৈ ঢাপলি মেলিছে।

এক মনোমোহা স্থানত মৰিয়নীৰ চ্যুকাফা পয্যটন ক্ষেত্ৰত নৱবৰ্ষৰ আৰম্ভণিৰে পৰাই  জিলা খনৰ বিভিন্ন স্থানৰ পৰা বহু বনভোজ কাৰী দলে আহি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে৷

৫ গৰাকী যুৱকে এটা আত্মসহায়ক গোটৰ যোগেদি আৰম্ভণি কৰা এই পয্যটন স্থলে জিলা খনৰ লগতে ৰাজ্যৰ ভিতৰতে এক সুকীয়া পৰ্যটন ক্ষেত্ৰ হিচাবে স্থান দখল কৰিবলৈ সক্ষম হৈছে৷